অসম

assam

ETV Bharat / bharat

COVID-১৯ প্ৰতিষেধকৰ ৰপ্তানি বন্ধৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ ৰাহুলৰ - COVID-১৯ প্ৰতিষেধকৰ ৰপ্তানি

সকলোৰে বাবে উপলব্ধ কৰাবলৈ আহ্বান শেহতীয়াকৈ COVID-১৯ প্ৰতিষেধক সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । দেশৰ সকলো নাগৰিকৰ বাবে প্ৰতিষেধক উপলব্ধ কৰাবলৈ পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে ৰাহুল গান্ধীয়ে । লগতে COVID-১৯ প্ৰতিষেধকৰ ৰপ্তানি তাৎক্ষণিকভাৱে স্থগিত কৰাৰো দাবী জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ।

দেশৰ সকলো নাগৰিকৰ বাবে প্ৰতিষেধক উপলব্ধ কৰাবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান ৰাহুল গান্ধীৰ
দেশৰ সকলো নাগৰিকৰ বাবে প্ৰতিষেধক উপলব্ধ কৰাবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান ৰাহুল গান্ধীৰ

By

Published : Apr 9, 2021, 4:51 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: COVID-১৯ প্ৰতিষেধক বিষয়ক কেইবাটাও দাবী আৰু প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । পত্ৰখনত ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে যে, বৰ্তমান অব্যাহত থকা টীকাকৰণ প্ৰক্ৰিয়াৰ হাৰত দেশৰ ৭৫ শতাংশ লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ বহু বছৰৰ লাগিব । লগতে তেওঁ ভাৰতীয় অৰ্থনীতিৰ ওপৰত 'প্ৰলয়ংকৰী প্ৰভাৱ' পৰাৰ আশংকাও ব্যক্ত কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পত্ৰ

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক স্পষ্টভাৱে সমালোচনা কৰি প্ৰশ্ন কৰে যে, প্ৰতিষেধকৰ ৰপ্তানিও এইখন চৰকাৰৰ আন বহুতো সিদ্ধান্তৰ দৰে এক "পৰ্যবেক্ষণ" আছিল নে দেশৰ নাগৰিকৰ জীৱনৰ মূল্যৰ বিনিময়ত নিজৰ প্ৰচাৰ চলোৱাৰ প্ৰয়াস আছিল । ৮ এপ্ৰিল তাৰিখে প্ৰেৰণ কৰা পত্ৰখনত তেওঁ উল্লেখ কৰিছিল যে, বহু ৰাজ্যত প্ৰতিষেধকৰ অভাৱ হোৱা বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

এনে পৰিস্থিতিত চৰকাৰে প্ৰতিষেধকৰ বৃহৎ পৰিমাণৰ ৰপ্তানিৰ অনুমতি কিয় দিছে বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁ পত্ৰখনত উল্লেখ কৰিছে যে, যদিও ভাৰতত প্ৰতিষেধকৰ অভাৱ হৈছে তথাপিও ৬ কোটিতকৈও অধিক প্ৰতিষেধক ৰপ্তানি কৰা হৈছে । ৰাজ্য চৰকাৰবোৰে বাৰে বাৰে প্ৰতিষেধকৰ অভাৱ হোৱাৰ কথা ব্যক্ত কৰি আহিছে । লগতে বিৰোধী শাসিত ৰাজ্যসমূহৰ সমস্যা সমাধানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

প্ৰতিষেধক সংগ্ৰহৰ পৰা পঞ্জীয়নলৈকে সকলো ক্ষেত্ৰতে বিৰোধী শাসিত ৰাজ্যসমূহক উপেক্ষা কৰা হৈছে বুলি তেওঁ অভিযোগ তোলে । ইয়াৰ উপৰিও তেওঁ কয় যে, প্ৰাৰম্ভিক বাধ্যতামূলক অনলাইন পঞ্জীয়নৰ বাবে দৰিদ্ৰ লোকসকলৰ এটা বৃহৎ অংশক বাদ দিয়া হৈছে । কংগ্ৰেছ নেতাজনে কয় যে, প্ৰতিষেধক যোগান ধৰাসকলক উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সম্পদ প্ৰদান কৰিব লাগিব আৰু নিৰ্দেশনা অনুসৰি অন্যান্য প্ৰতিষেধকৰ ব্যৱহাৰত দ্ৰুত অনুমোদন থাকিব লাগিব ।

লগতে পঢ়ক:নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনা সৈন্যৰ তহল আঁতৰোৱাতো বিচাৰিছে ভাৰতে !

ABOUT THE AUTHOR

...view details