নেশ্যনেল ডেস্ক,২৮ অক্টোবৰ :পিয়াঁজৰ বজাৰত জুই লাগিছে । হোৰা-হোৰে বাঢ়িছে পিয়াঁজৰ মূল্য । পিয়াঁজৰ মূল্যই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে । কিয়নো দেশৰ বজাৰত প্ৰতিদিনে বাঢ়িছে পিয়াঁজৰ মূল্য । পাইকাৰী বজাৰত যোৱা দুদিনত প্ৰতি কিলোগ্ৰাম পিয়াঁজত গড়ে ২০ টকা বৃদ্ধি হৈছে । যাৰ পোনপটীয়া প্ৰভাৱ খুচুৰা বজাৰতো পৰা দেখা গৈছে । খুচুৰা বজাৰত উন্নত মানৰ পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৭০ ৰ পৰা ৮০ টকাত বিক্ৰী হোৱা দেখা গৈছে । যদি পিয়াঁজৰ মূল্য এই হাৰত বাঢ়ি থাকে তেনেহ'লে পিয়াঁজে ঐতিহাসিক স্তৰত উপনীত হ'ব আৰু শীঘ্ৰে প্ৰতি কিলোগ্ৰামত ১০০ টকা হোৱাৰ সম্ভাৱনা আছে ।
জানিব পৰা মতে ঘৰুৱা বজাৰত সীমিত উৎপাদনৰ বাবে পিয়াঁজৰ বজাৰৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে । জুনাগড় মাৰ্কেটিং য়াৰ্ডত পাইকাৰী পিয়াঁজৰ বজাৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে । যাক লৈ সাধাৰণ নাগৰিকসকল চিন্তিত হৈ পৰিছে ।
বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যদি পিয়াঁজৰ যোগান আৰু চাহিদা একেই থাকে তেনেহ'লে দীপাৱলীৰ পূৰ্বে সাধাৰণ নাগৰিকে পিয়াঁজ প্ৰতিকেজিত ১০০ টকাত ক্ৰয় কৰিব লাগিব । বজাৰ ভেদে বৰ্তমান পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৭০-৮০ টকাত বিক্ৰী হৈছে ।