ত্ৰিপুৰা, 21 এপ্ৰিল:আঠটাকৈ দাবীৰে সৈতে মঙলবাৰে ত্ৰিপুৰাত অ'এনজিচিৰ প্ৰায় এক হাজাৰৰো অধিক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো ধৰণৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থাকে ৷ এছ'চিয়েশ্যন অৱ চাইণ্টিফিক এণ্ড টেকনিকেল অফিচাৰ (এএছটিঅ') ৰ বেনাৰত অ'এনজিচি ৰ কৰ্মচাৰী সকলে দিনজোৰা অনশন কাৰ্যসূচী পালন কৰে ৷
পি.আৰ.বি.এছ. একাউণ্টত নিয়োগকৰ্তা সকলৰ 15 শতাংশ অৱদান তাৎক্ষণিকভাৱে পুনৰুদ্ধাৰ কৰাৰ লগতে 2017 চনৰ 1 জানুৱাৰীৰ পৰা ক্ষেত্ৰত কাম কৰা বিষয়াসকলক আইনী ভাট্টা পৰিশোধ কৰা তথা অতিৰিক্ত কৰ্তব্য পালনৰ বাবে ক্ষতিপূৰণকে ধৰি অন্য বহুকেইটা দাবীৰে অ'এনজিচিৰ কৰ্মচাৰী সকল অনশনত বহে ৷ প্ৰতিবাদী কৰ্মী সকলে ক্ষেত্ৰলৈ যোৱা কাৰ্যবাহী সকলক চি-অফ (C-off) প্ৰদান, এন ই স্থানান্তৰ (NE transfers) তাৎক্ষণিক মুকলি কৰা আৰু টি.এ. ব্যয় সংশোধনৰো দাবী উত্থাপন কৰে ৷