অসম

assam

ETV Bharat / bharat

অধিক গেছ আহৰণৰ বাবে ত্ৰিপুৰাত ONGC ৰ নতুন প্ৰযুক্তি

অধিক প্ৰাকৃতিক গেছ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰি ত্ৰিপুৰাত তেল আৰু প্ৰাকৃতিক গেছ নিগমে প্ৰয়োগ কৰিছে নতুন প্ৰযুক্তি ৷ ভৌগলিক কাৰণত পৌৰাণিক পদ্ধতিৰে গেছ আহৰণত যথেষ্ট বাধাৰ সৃষ্টি হোৱাৰ বাবে প্ৰেচাৰ ড্ৰিলিং প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে গেছ আহৰণৰ ক্ষেত্ৰত (Managed Pressure Drilling)৷

ONGC Introduces New Drilling Technology
অধিক গেছ আহৰণৰ বাবে ত্ৰিপুৰাত প্ৰয়োগ কৰা হৈছে উন্নত প্ৰযুক্তি

By

Published : Apr 17, 2022, 8:47 PM IST

আগৰতলা, ১৭ এপ্ৰিল: পৰম্পৰাগত ড্ৰিলিং প্ৰণালীৰ জৰিয়তে ভৌগোলিক ক্ষেত্ৰৰ পৰা গেছ আহৰণ কৰাটো সম্ভৱ নহয়, সেয়েহে অ'এনজিচিয়ে ত্ৰিপুৰাত এক নতুন প্ৰযুক্তিৰে গেছ আহৰণৰ প্ৰচেষ্টা কৰিছে ৷ ইয়াৰ বাবে ইতিমধ্যে মেনেজড প্ৰেচাৰ ড্ৰিলিং প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈছে (Managed Pressure Drilling)৷

দেওবাৰে আগৰতলাত এক চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি এই সন্দৰ্ভত অ'এনজিচিৰ ত্ৰিপুৰাৰ এছেট(ONGC Tripura asset) মেনেজাৰ তৰুণ মালিকে কয় যে, মেনেজড প্ৰেচাৰ ড্ৰিলিং প্ৰযুক্তিৰে ইতিমধ্যে তিনিটা নতুন ৱেল খন্দা হৈছে ৷ এইসমূহ ভালদৰে পৰীক্ষা কৰা হ’ব ৷ প্ৰথমবাৰৰ বাবে অ'এনজিচিয়ে ত্ৰিপুৰাত এই প্ৰযুক্তি ব্যৱহাৰ পশ্চিম আৰু চেপাহিজালা জিলাত তিনিটা ৱেল খন্দা হয় (ONGC Introduces New Drilling Technology) ৷ কিছু ভৌগোলিক কাৰণত পৰম্পৰাগত পদ্ধতিৰে গেছ সংগ্ৰহ কৰাটো সম্ভৱ নহয় বাবে নতুন প্ৰযুক্ত ব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰে তৰুণ মালিকে৷

অ'এনজিচিৰ এছেট মেনেজাৰজনে লগতে কয় যে, এতিয়াৰ পৰা অ'এনজিচিয়ে ত্ৰিপুৰাত এই নতুন প্ৰযুক্তিটো ব্যৱহাৰ কৰি অধিক ড্ৰিলিং কৰি বিভিন্ন অঞ্চলৰ পৰা গেছ আহৰণ কৰিব । এই মুহূৰ্তত ত্ৰিপুৰাৰ মূল সম্পদ হৈছে গেছ ৷ আগন্তুক দিনত ত্ৰিপুৰাৰ পৰাও সফলতাৰে তেল আহৰণ কৰি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও অ'এনজিচিৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:মোডী আহিব : ১০ হাজাৰ গাড়ী বিচাৰি পৰিবহণ বিভাগত হাহাকাৰ

ABOUT THE AUTHOR

...view details