নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :মুম্বাইত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । 'জয় শ্ৰী ৰাম' ধ্বনি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই এগৰাকী ব্যক্তিক আক্ৰমণ । মুম্বাই আৰক্ষীয়ে ৪ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
এই ঘটনা মুম্বাইৰ কান্দিভালী পূবৰ গোকুলনগৰত সংঘটিত হৈছে । ঘটনাটো ২৫ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১১.৪৫ বজাত সংঘটিত হৈছিল । ভুক্তভোগী লোকজন সিদ্ধাৰ্থ আনগোৰ বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, ৪ জন যুৱকে ভুক্তভোগী সিদ্ধাৰ্থক নিৰ্মমভাৱে প্ৰহাৰ কৰে । ইফালে সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে ।
আৰক্ষীক অৱগত কৰা মতে সিদ্ধাৰ্থই মঙলবাৰে নিশা প্ৰায় ১১:৩০ মান বজাত কামৰ পৰা ঘৰলৈ উভতি আহি আছিল । তেওঁ ফোনত ভাতৃৰ সৈতে কথা পাতি গৈ আছিল । সেই সময়তে তেওঁক ৪ জন যুৱকে কান্দিভালী পূবৰ গোকুল নগৰৰ ওচৰত ৰখাইছিল । সিদ্ধাৰ্থই তেওঁক ৰখোৱাৰ কাৰণ সোধাত সেই যুৱককেইজনে তেওঁক 'জয় শ্ৰী ৰাম' ধ্বনি দিবলৈ কয় । অভিযোগ অনুসৰি এজন অভিযুক্তই 'জয় শ্ৰী ৰাম' বুলি চিঞৰিবলৈ আৰম্ভ কৰে আৰু সিদ্ধাৰ্থকো ক'বলৈ দাবী জনায় ।