নিউজ ডেস্ক, 14 আগষ্ট: জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে নিশা সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত এজন আৰক্ষী জোৱান নিহত হয় (Grenade attack in Jammu Kashmir) ৷ নিহত জোৱানজন পুঞ্চৰ মেন্ধাৰৰ তাহিৰ খান বুলি জানিব পৰা হৈছে ৷ কুলগামৰ কাইমোহত হোৱা গ্ৰেনেড আক্ৰমণত আহত হৈছিল আৰক্ষী জোৱানজন (Police personnel killed in a grenade attack) ।
কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁক চিকিৎসাৰ বাবে ততাতৈয়াকৈ অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যোৱা হয়(Government Medical College hospital in Anantnag) আৰু চিকিৎসালয়তেই তেওঁৰ হৈ মৃত্যু হয় । উল্লেখ্য যে, জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত বৃহস্পতিবাৰৰ পুৱা সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলায় ৷ এই ঘটনাত চাৰিজন সেনা জোৱান নিহত হয় ।