ইম্ফল, 14 মে’:পূৱ ইম্ফলৰ টেলিপতিত বোমা বিস্ফোৰণ(Bomb blast in Imphal) ৷ শুকুৰবাৰে সন্ধিয়া এটা দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হয় এই বোমা বিস্ফোৰণ ৷ বিস্ফোৰণটোত এগৰাকী লোক আহত(One person injured in bomb blast) হোৱা বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত লোকগৰাকী 30 বছৰীয়া সুবৰ প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে ৷
আহত ব্যক্তিগৰাকীক ততালিকে স্থানীয় লোক আৰু আৰক্ষীৰ সহায়ত চিকিৎসা প্ৰদানৰ অৰ্থে জৱাহৰলাল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ JNIMS লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷