অসম

assam

ETV Bharat / bharat

নিজে পতা জালত বন্দী মাওবাদী সদস্য - নিজে পতা জালৰ চিকাৰ মাওবাদী সদস্য

আৰক্ষীক লক্ষ্য কৰি আইইডি স্থাপন কৰিবলৈ লওঁতে আইইডিটো বিস্ফোৰণ হৈ মৃত্যু হয় সুনীল পদম নামৰ এজন মাওবাদী সদস্যৰ । গায়থাপাৰাৰ ওচৰত পশ্চিম বষ্টাৰ ডিভিজনৰ চিপিআই মাওবাদীজনে আইইডিটো স্থাপন কৰাৰ চেষ্টা কৰিছিল ।

নিজে পতা জালৰ চিকাৰ মাওবাদী সদস্য
নিজে পতা জালৰ চিকাৰ মাওবাদী সদস্য

By

Published : Mar 14, 2021, 8:19 PM IST

নেশ্যনেল ডেস্ক,১৪ মাৰ্চ:ছত্তিশগড়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মাওবাদীৰ কূটাঘাতমূলক কাৰ্য-কলাপ । বিভিন্ন সময়ত আৰক্ষীক লক্ষ্য কৰি মাওবাদীয়ে কিছুমান স্থানত আইইডি স্থাপন কৰি আহিছে । কিন্তু এইবাৰ আৰক্ষীক লক্ষ্য কৰি আইইডি স্থাপন কৰিবলৈ লওতে আইইডিটো বিস্ফোৰণ হৈ মৃত্যু হয় এজন মাওবাদীৰ । আৰক্ষীয়ে জনোৱা মতে বেচপাল-হুৰেপাল পথৰ সমীপত বিজাপুৰত এই ঘটনা সংঘটিত হয় ।

পথৰ নিৰাপত্তা অভিযানত জড়িত আৰক্ষীক লক্ষ্য কৰি গায়থাপাৰাৰ ওচৰত পশ্চিম বষ্টাৰ ডিভিজনৰ এজন চিপিআই মাওবাদীয়ে আইইডিটো স্থাপন কৰাৰ চেষ্টা কৰিছিল । স্থাপনৰ সময়ত আইইডিটো সক্ৰিয় হৈ পৰিছিল আৰু বিস্ফোৰণ হৈছিল । বষ্টাৰ আৰক্ষীয়ে জনোৱা মতে এই বিস্ফোৰণত নিহত মাওবাদীজন কমাণ্ডাৰ সুনীল পদম বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে সুনীল ভৈৰামগড় এলেকা সমিতিৰ আইইডি বিশেষজ্ঞ আছিল আৰু বিস্ফোৰণৰ পিছত সুনীলৰ মৃতদেহ এৰি থৈ সেই স্থানত উপস্থিত থকা কেইবাজনো মাওবাদী পলায়ন কৰে বুলি আৰক্ষীয়ে অৱগত কৰে । ঘটনাস্থলীৰ পৰা বেচপাল কেম্পৰ মিৰ্টুৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ইফালে এয়া দ্বিতীয় ঘটনা য'ত মাওবাদীৰ জালৰ চিকাৰ হৈছে তেওঁলোকৰে সদস্য । যোৱা ১৮ ফেব্ৰুৱাৰীত উত্তৰ বষ্টাৰ বিভাগৰ ছোমজী সাহদেৱ নামৰ জ্যেষ্ঠ ডিভিচি সদস্য এজন কাংকাৰৰ আমাবেদাৰ ওচৰত আইইডি স্থাপনৰ সময়ত মৃত্যু হৈছিল ।

লগতে পঢ়ক:ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন

ABOUT THE AUTHOR

...view details