নিউজ ডেস্ক, ১৭ আগষ্ট:ছত্তিশগড়ত ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীয়ে দেওবাৰে যৌথভাৱে অভিযান চলাই এটা নক্সালবাদীক নিধন কৰাৰ লগতে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷ ছত্তিশগড়ৰ ধমতৰী বৰৈ থানা এলেকাৰ নক্সাল প্ৰভাৱিত গাওঁ কৰিপানীৰ বনাঞ্চলত ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীৰ এনকাউণ্টাৰত নিহত হয় নক্সালবাদীটোৰ । নিহত নক্সালবাদীটোৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাবাহিনীৰ দলে ।
নিহত নক্সালবাদীটোৰ পৰা ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে নক্সালবাদী সাহিত্য, ইউনিফৰ্ম আৰু আন বহু সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছে ৷ অতি শীঘ্ৰে এই বিষয়ত আৰক্ষীয়ে ডাঙৰ তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷ জানিব পৰা মতে, ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীয়ে দেওবাৰে পুৱা যৌথভাৱে অভিযান চলোৱা সময়তে কৰিপানীৰ অৰণ্যত নক্সালবাদীৰ এটা দলৰে সংঘৰ্ষ হয় । দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয় ৷ সুযোগ বুজি নক্সালবাদীৰ দলটো গভীৰ অৰণ্যৰ মাজলৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও এই গুলীচালনাৰ ঘটনাত এটা নক্সালবাদীৰ মৃত্যু হয় ৷