নেশ্যনেল ডেস্ক, 2 জুন : পুনৰ জন্মু-কাশ্মীৰত অঘটন ৷ শুকুৰবাৰে পুৱাৰ ভাগত জন্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ডাছাল মেহাৰী গাঁৱত সেনা আৰু সন্ত্ৰাসবাদী মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী (One militant killed in Rajouri encounter)৷ সেনা তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, সেনা আৰু আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ পৰা যৌথ অভিযান আৰম্ভ কৰিছিল ৷ নিশাৰ ভাগত দুই পক্ষক ধাৰাষাৰ গুলীবৰ্ষণ হৈছিল ৷ অৱশ্যে পুৱাৰ ভাগলৈ বন্ধ হৈছিল এই গুলীয়াগুলী ৷
পুৱাৰ ভাগলৈ এই গুলীয়াগুলী বন্ধ হৈছিল যদিও অভিযান অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে ৷ ইফালে সন্দেহ কৰাৰ অনুসৰি সংঘৰ্ষৰ সময়ত দুজনৰো অধিক সন্ত্ৰাসবাদীয়ে বাহৰ পাতি আছিল অঞ্চলটোত ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পুৱাৰ ভাগত ৰাজৌৰীৰ গুজৰানৰ অঞ্চলৰ ঘন জংঘল প্ৰত্যক্ষ কৰিছিল কিছু সন্দেহজনক লোকক ৷
জন্মু-কাশ্মীৰৰ ADGP মুখেছ সিঙে এই সন্দৰ্ভত কয় যে এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয় ৷ যৌথ অভিযানৰ সময়ত প্ৰথমে সেনালৈ লক্ষ্য কৰি গুলী চালনা কৰে সন্ত্ৰাসবাদীয়ে আৰু সেনাই যোগ্য প্ৰত্যুত্তৰ দিয়ে সন্ত্ৰাবাদীক (Rajouri encounter) ৷