অসম

assam

ETV Bharat / bharat

তেলেংগানাত আৰক্ষীৰ গুলীচালনাত নিহত মাওবাদী - মাওবাদী

দেওবাৰে ভদ্ৰদ্ৰী-কোঠাগুডেম জিলাৰ এটা বনাঞ্চলত আলট্ৰা আৰু আৰক্ষীৰ মাজত সংঘটিত গুলীয়াগুলিত নিহত হয় এজন মাওবাদী । বৰ্তমানো অব্যাহত আছে তদন্ত ৷

One Maoist killed in exchange of fire with cops in Telangana
তেলেংগানাত আৰক্ষীৰ গুলীচালনাত নিহত মাওবাদী

By

Published : Aug 1, 2021, 4:29 PM IST

নেশ্যনেল ডেস্ক, ১ আগষ্ট :আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা মতে, দেওবাৰে ভদ্ৰদ্ৰী-কোঠাগুডেম জিলাৰ এটা বনাঞ্চলত এখন আৰু আৰক্ষীৰ মাজত সংঘটিত গুলীয়াগুলিত নিহত হয় এজন মাওবাদী । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, কুৰ্ণাপল্লী-বোধেনাল্লি অঞ্চলত বিশেষ আৰক্ষীৰ দলে তালাচী চলাইছিল ৷ তালাচীৰ সময়তেই নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ সদস্যসকলে হঠাতে কৰ্মচাৰীসকলৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত ঘটনাস্থলীতে এজন মাওবাদীৰ মৃত্যু হয়।

অঞ্চলটোৰ তালাচী চলাই থাকোতে আৰক্ষীয়ে পুৱা প্ৰায় 8.15 বজাত 10 জন সশস্ত্ৰ মাওবাদীক প্ৰত্যক্ষ কৰিছিল । তেওঁলোকে আৰক্ষীৰ ওপৰত গুলিচালনা কৰিছিল আৰু এনকাউণ্টাৰৰ সময়ত তেওঁলোকৰ এজন নিহত হৈছিল । আৰক্ষীৰ ফালৰ পৰা কোনো লোক হতাহত হোৱা নাই৷ ভদ্ৰদ্ৰী কোঠাগুডেম জিলা আৰক্ষী অধীক্ষক সুনীল দত্তই প্ৰকশ কৰে এই কথা ৷

আৰক্ষীয়ে জনোৱা মতে, নিহত মাওবাদীটোৰ বয়স আনুমনিক বয়স 20 বছৰ হ’ব বুলি ধাৰণা কৰা হৈছে । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা .303 ৰাইফল আৰু দুটা বেগ জব্দ কৰে ।

লগতে পঢ়ক:২ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব e-RUPI

ABOUT THE AUTHOR

...view details