অসম

assam

ETV Bharat / bharat

Indian army personnel killed: অৰুণাচলত ভূমিস্খলনত নিহত সেনা জোৱান

অৰুণাচলত নিহত হৈছে এজন ভাৰতীয় সেনাৰ জোৱান ৷ কৰ্তব্যৰত অৱস্থাত ভূমিস্খলনত নিহত হয় সেনা জোৱান জন ৷ নিহত জোৱান জন মহাৰাষ্ট্ৰৰ চুবেদাৰ এ এছ ধগাল (Indian army personnel killed) ৷

Indian army personnel killed
Indian army personnel killed

By

Published : Apr 1, 2023, 10:35 PM IST

তেজপুৰ, 1 এপ্ৰিল : যোৱা 27 মাৰ্চৰ পুৱা টাৱাং ছেক্টৰৰ ফৰৱাৰ্ড এলেকাত এটা অপাৰেচনেল টাস্কত থকাৰ সময়তে ভাৰতীয় সেনাৰ এটা দল প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় ৷ হঠাতে হোৱা বৃহৎ তুষাৰপাতৰ আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৬-৭ ফুটৰ তলত সোমাই পৰে এজন সেনা জোৱান ৷ ধ্বংসাৱশেষৰ মাজতে নিহত হয় সেনা জোৱানজন । গছ, মাটি, শিল-বালিয়ে হেঁচি ধৰে সেনা জোৱানজনক ৷ গুৱাহাটীৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই তথ্য (Indian army personnel killed in Arunachal)।

এই ঘটনাৰ সময়ত বাকী জোৱানসকল কোনো ধৰণৰ গুৰুতৰ আঘাত নোপোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হয় ৷ কিন্তু সেই সময়তে পাহাৰৰ পৰা খহি অহা শিল-মাটিৰ মাজত আৱদ্ধ হৈ পৰে সেনাৰ চুবেদাৰ এ এছ ধগাল । লগে লগে তেওঁক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰা হয় । এপ্ৰিলৰ 1 তাৰিখে শনিবাৰে পুৱা প্ৰায় 10.50 বজাত সেনাৰ বহু দল আৰু বিশেষজ্ঞ সঁজুলিৰ দ্বাৰা চাৰিদিন ধৰি ব্যাপক অনুসন্ধানৰ অন্তত ভূমিস্খলন হোৱা স্থানৰ পৰা চুবেদাৰ এ এছ ধাগালেৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৃতদেহটো টাৱাঙৰ জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে (Indian army personnel died in landslide)।

সেনাৰ চুবেদাৰ এ এছ ধগাল মহাৰাষ্ট্ৰৰ জিলা ৰত্নাগিৰিৰ বাসিন্দা আছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায় । সেনাৰ চুবেদাৰ গৰাকীৰ মৃতদেহ গৃহ চহৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে টাৱাঙত মাল্যাৰ্পণৰ পৰিকল্পনা কৰা হৈছে । দেওবাৰে তেওঁৰ নশ্বৰ দেহ স্ব-গৃহলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ ৰাৱাটে (Indian Army jawan died in North East) ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত দুগৰাকী সেনা বিষয়া শ্বহীদ হয় ৷ যোৱা 16 মাৰ্চৰ পুৱা প্ৰায় 9.15 বজাত নিয়মীয়া উৰণৰ সময়ত মাণ্ডালা অঞ্চলত ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় সেনাৰ এখন চিতা হেলিকপ্টাৰৰ ৷ পৰৱৰ্তী সময়ত মাণ্ডালাতে দুৰ্ঘটনাত পতিত হয় চিতা হেলিকপ্টাৰখন ৷ অভিশপ্ত হেলিকপ্টাৰখনত আছিল সেনাৰ এজন লেফটেনেণ্ট কৰ্ণেল বি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত এ (Indian Army Chopper crash in Arunachal) ৷

লগতে পঢ়ক:Army chopper crash: অৰুণাচল প্ৰদেশত সেনাৰ চিতা হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ দুজন সেনা বিষয়া

ABOUT THE AUTHOR

...view details