অসম

assam

লক্ষাধিক টকাৰ গাঞ্জাসহ ত্ৰিপুৰা আৰক্ষীৰ জালত এজন

By

Published : Mar 22, 2022, 10:02 AM IST

ত্ৰিপুৰাত আৰক্ষীয়ে জব্দ কৰিছে লক্ষাধিক টকাৰ গাঞ্জা (Huge cache of cannabis seized in Tripura) ৷ আগৰতলাৰ পৰা অসমলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷

Huge cache of cannabis seized in Tripura
লক্ষাধিক টকাৰ গাঞ্জাসহ ত্ৰিপুৰা আৰক্ষীৰ জালত এজন

আগৰতলা, 22 মাৰ্চ : ত্ৰিপুৰা আৰক্ষী দেওবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ গাঞ্জাসহ উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰৰ পৰা আটক কৰে এজন লোকক (One arrested with cannabis in Tripura) ৷ ধৰ্মনগৰৰ মহকুমা আৰক্ষী বিষয়া মিলন দত্তই জনোৱা অনুসৰি ধৰ্মনগৰৰ বাগবাচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামাপ্ৰসাদ দাসে গোপন সূত্ৰৰ পৰা লাভ কৰে গাঞ্জা সৰবৰাহৰ খবৰ ৷ সূত্ৰটোৱে জনাইছিল যে আগৰতলা অভিমুখী এখন মালবাহী বাহনত গোপনে কঢ়িয়াই অনা হৈছে লক্ষাধিক টকাৰ গাঞ্জা (Cannabis smuggling in Tripura)৷

লক্ষাধিক টকাৰ গাঞ্জাসহ ত্ৰিপুৰা আৰক্ষীৰ জালত এজন

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, গাঞ্জাখিনি আগৰতলাৰ পৰা অসমৰ মাজেৰে বিভিন্ন স্থানলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল এটা চক্ৰই ৷ কিন্তু সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী বিষয়া শ্যামাপ্ৰসাদ দাসসহ আৰক্ষীৰ এটা বৃহৎ দলে বাগবাচা আৰক্ষী চকীৰ সমীপত নাকা তালাচী বহুৱাই ৷ নিৰ্দিষ্ট সময়ত বাহনখন সেই স্থানত উপস্থিত হোৱাৰ লগে লগে গাঞ্জাসহ ট্ৰাকখন জব্দ কৰাৰ লগতে চালকক আটক কৰে আৰক্ষীয়ে ৷

ট্ৰাকখনত মুঠ 28 টা পেকেটত 101 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ লগতে আৰক্ষীয়ে জব্দ কৰে কেইবাখনো ভুৱা নম্বৰ প্লেট ৷ আটকাধীন ট্ৰাক চালকজন হৈছে আগৰতলাৰ পলাশ মিয়াহ ৷ নিচাযুক্ত সামগ্ৰী সৰবৰাহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

For All Latest Updates

ABOUT THE AUTHOR

...view details