অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত কৰনা’ত আক্ৰান্ত হৈ এজনৰ মৃত্যু - মাস্ক পৰিধান আৰু স্বাস্থ্য বিষয় প্ৰক্ৰিয়া

সোমবাৰে আগৰতলাত কৰ’ণাৰ দ্বিতীয় প্ৰৱাহত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ আগৰতলাৰ জিবিপি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লোকজন ৷

ত্ৰিপুৰাত কৰনা’ত আক্ৰান্ত হৈ মৃত্যু এজনৰ
ত্ৰিপুৰাত কৰনা’ত আক্ৰান্ত হৈ মৃত্যু এজনৰ

By

Published : Mar 23, 2021, 8:13 AM IST

আগৰতলা,23 মাৰ্চ: সোমবাৰে আগৰতলাত এজন ৮০ বছৰীয়া ডায়েবেটিক ৰোগীৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ আগৰতলাৰ জিবিপি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰোগীজনে ৷ ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে এই তথ্য ৷ ত্ৰিপুৰাত 2021 চনৰ 15 জানুৱাৰীত কৰ’ণাত আক্ৰান্ত হৈ অন্তিমজন ৰোগীৰ মৃত্যু হৈছিল ৷ ত্ৰিপুৰাৰ চিকিৎসকসকলে ত্ৰিপুৰাবাসীক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত সুৰক্ষা প্ৰটোকল পালন কৰিবলৈ অনুৰোধ কৰিছে ।

উল্লেখ, যে যোৱা কেইমাহমানৰ পৰা মাস্ক পৰিধান আৰু স্বাস্থ্য বিষয় প্ৰক্ৰিয়াত সজাগতাৰ যথেষ্ট হ্ৰাস হোৱা দেখা গৈছিল আৰু মানুহে প্ৰায়ে ক’ভিড-১৯ প্ৰট’কল উলংঘা কৰি আছিল । ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, সোমবাৰে ২৬৬ টা নমুনা পৰীক্ষা কৰা হৈছিল যদিও কোনো পজিটিভ পোৱা নাছিল ৷

লগতে পঢ়কঃবটদ্ৰৱা থানত সেৱা লৈ প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details