অসম

assam

ETV Bharat / bharat

Reactor blast in Visakhapatnam: ড্ৰাগছ প্ৰকল্পত সংঘটিত বিস্ফোৰণত নিহত এজন, আহত চাৰি - নাক্কাপল্লীৰ হেটেৰো ড্ৰাগছ প্ৰকল্পত সংঘটিত বিস্ফোৰণ

এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম জিলাৰ নাক্কাপল্লী । নাক্কাপল্লীৰ হেটেৰো ড্ৰাগছ প্ৰকল্পত সংঘটিত বিস্ফোৰণত এজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে চাৰিজন শ্ৰমিক আহত (Reactor blast in Visakhapatnam) ।

Visakhapatnam trembling in the blast
বিস্ফোৰণত কঁপি উঠিল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম জিলাৰ নাক্কাপল্লী

By

Published : Feb 24, 2022, 3:52 PM IST

নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰীঃবৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম জিলাৰ নাক্কাপল্লীৰ হেটেৰো ড্ৰাগছ প্ৰকল্পত সংঘটিত বিস্ফোৰণত এজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে চাৰিজন শ্ৰমিক আহত হয় । এটা চুল্লিত সংঘটিত হৈছিল বিস্ফোৰণটো । বিস্ফোৰণটোৱে আগুৰি ধৰিছিল সমগ্ৰ অঞ্চলটো ।

ততালিকে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই । ঘটনাটোৰ পিছত, মেনেজমেণ্টে প্ৰকল্পটোৰ কাম-কাজ বন্ধ কৰি দিয়ে ।

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম জিলাৰ নাক্কাপল্লী

বাতৰি অনুসৰি, ফাৰ্মা গোটত এটা ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় (Reactor blast in Visakhapatnam) ৷ আহত চাৰিজনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে চহৰলৈ স্থানান্তৰ কৰা হৈছে । মৃত কৰ্মীজনক ছাইৰাম বুলি চিনাক্ত কৰা হৈছে । আনহাতে আন আঘাতপ্ৰাপ্ত কৰ্মচাৰীকেইগৰাকী গংগাধৰ, গোপাল, ৰাজু আৰু ৰাজেশ বুলি চিনাক্ত কৰা হৈছে ।

ইফালে, চিআইটিইউ(CITU)ৰ নেতৃত্বই কৰ্তৃপক্ষক আহত সকলৰ লগতে নিহত সকলৰ পৰিয়ালক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে, গোটটোৱে ২০১৬ চনতো এটা বিস্ফোৰণ প্ৰত্যক্ষ কৰিছিল, য'ত এজন কৰ্মচাৰী নিহত হোৱাৰ বিপৰীতে আহত হৈছিল দুজনকৈ কৰ্মচাৰী ।

লগতে পঢ়ক: Russia Ukraine crisis: কি ক'লে ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীয়ে ?

ABOUT THE AUTHOR

...view details