নেশ্যনেল ডেস্ক,১২ মে': গাড়ী চোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি মণিপুৰ আৰক্ষীৰ(Manipur police against car thieves) । আৰক্ষীৰ-কামাণ্ডোৰ যুটীয়া অভিযানত জালত পৰিল কুখ্যাত গাড়ী চোৰ । মণিপুৰৰ থৌবাল আৰক্ষী আৰু কামাণ্ডোৰ দলে যুটীয়াভাৱে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহস্পতিবাৰে জালতে কুখ্যাত গাড়ীচোৰটো(Joint operation by Thoubal police and Commando team in Manipur) । দীৰ্ঘদিনে গাড়ী চুৰি কাৰ্যৰে জড়িত হৈ থকাৰ সন্দেহ ।
SP যোগেশ চন্দ্ৰ হাওবিজামৰ নেতৃত্বত অভিযান চলাই দলটোৱে বৃহস্পতিবাৰে চাৰিখনকৈ দুচকীয়া বাহনসহ লোকজনক গ্ৰেপ্তাৰ কৰে(One arrested with four two wheelers in Manipur) । গ্ৰেপ্তাৰ কৰা লোকজন মইজিং ৱাংমাতাবা মাখা লেইকাইৰ নাজিমুদ্দিনৰ পুত্ৰ আয়াজ খান ওৰফে AAK বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । Anti Vehicle Theft drive ৰ অধীনত চলোৱা অভিযানৰ খবৰ পাই ধৃত লোকজনে পলায়নৰ চেষ্টা চলাইছিল বুলি আৰক্ষী এক সুত্ৰই প্ৰকাশ কৰিছে ।