নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী:পশ্চিম বংগৰ শিলিগুৰি কৰিডৰৰ মাজেৰে বন্য জীৱৰ লগতে ভিন্ন মূল্যবান সামগ্ৰীৰ চোৰাং বেহা ক্ৰমাৎ বৃদ্ধি হৈছে (Smuggling in Siliguri corridor) ৷ চোৰাংভাৱে সৰবৰাহ কৰা সামগ্ৰীবোৰৰ ভিতৰত আছে সোণ, হীৰা, হাতীৰ দাঁত, বাঘৰ ছাল, ভালুকৰ নখ ৷
বুধবাৰে পুনৰ শিলিগুৰিত বন বিভাগে কোটি কোটি টকাৰ সামুদ্ৰিক ঘোঁৰাৰ চোৰাং সৰবৰাহ কৰিবলৈ আনোতেই হাতে লোটে ধৰা পেলায় (One arrested for trying to smuggle seahorse) ৷ ইয়াৰ লগতে এই ঘটনাৰ লগত সন্দেহ কৰি বন বিভাগে এটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰৰ পম খেদি শিলিগুৰিৰ চহৰখনৰ কুৰ্চিয়াং বন বিভাগৰ ঘোষপুকুৰ, টুকুৰিয়াজহাৰ ৰেঞ্জ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে বুধবাৰে পুৱতি নিশা শিলিগুৰিৰ কাষৰ নক্সালবাৰী খণ্ডত এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে সন্দেহজনক এজন লোকক আটক কৰি তালাচী চলোৱাৰ পিছতে তেওঁৰ পৰা ৫ কিলোগ্ৰাম মৃত সামুদ্ৰিক ঘোঁৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত সামুদ্ৰিক ঘোঁৰাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা (smuggle seahorse worth crores)।