নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: দিল্লী আৰক্ষীয়ে বুধবাৰে লালকিল্লাৰ হিংসাত্মক কাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গণৰাজ্য দিৱসৰ দিনা বিশাল ট্ৰেক্টৰ ৰেলীৰে কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে দিল্লীত সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু অনাকাংশিত ভাৱে এক হিংসাত্মক ঘটনাৰ ৰূপ লয় কৃষক প্ৰতিবাদে ৷ যাৰ ফলত দেশৰ কৃষকৰ লগতে বহু নিৰাপত্তাৰক্ষীও আহত হৈছিল ৷ দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাৰ পাচতে দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত ৷ দেশৰ বিভিন্ন প্ৰান্তত তদন্ত আৰম্ভ কৰি বুধবাৰে এই কাৰ্য তথা লালকিল্লাত পতাকা উত্তোলন কৰা ধৰ্মেন্দ্ৰ সিং নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ
গণৰাজ্য দিৱসৰ দিনা বিশাল ট্ৰেক্টৰ ৰেলীৰে কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে দিল্লীত সংঘটিত কৰা হিংসাত্মক কাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা লোক জনৰ নাম ধৰ্মেন্দ্ৰ সিং ৷
লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ