অসম

assam

ETV Bharat / bharat

উত্তৰাকাশীত যুদ্ধংদেহী তৎপৰতা : আৱদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰেৰণ কৰা হৈছে গৰম খিচিৰি

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সোমবাৰে X যোগে উদ্ধাৰ অভিযানৰ সন্দৰ্ভত নতুন অগ্ৰগতিৰ কথা উল্লেখ কৰে ৷ আৱদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰথমবাৰ গৰম খিচিৰি প্ৰেৰণ কৰা হৈছে ৷ ৬ ইঞ্চিৰ পাইপৰ মাজেৰে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক মোবাইল আৰু চাৰ্জাৰো প্ৰেৰণ কৰা হ'ব ৷

Uttarakhand CM Dhami on evacuating all workers safely from collapsed Uttarkashi tunnel
আৱদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰেৰণ কৰা হৈছে গৰম খিচিৰি

By ANI

Published : Nov 21, 2023, 7:50 AM IST

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীত সুৰংগত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে যুদ্ধংদেহী তৎপৰতাৰে অভিযান চলাই আছে ৷ ইয়াৰ মাজতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সোমবাৰে X ত উল্লেখ কৰে যে, তেওঁলোকে সকলো শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কৰ্মীসকলক উদ্ধাৰ কৰিবলৈ চলি থকা উদ্ধাৰ অভিযানৰ অংশ হিচাপে ধ্বংসাৱশেষৰ ওপৰেৰে 6 ইঞ্চি ব্যাসৰ পাইপলাইন সফলতাৰে স্থাপন কৰা হৈছে ৷ এই পাইপৰ জৰিয়তে প্ৰয়োজন অনুসৰি খাদ্য সামগ্ৰী, ঔষধ আৰু অন্যান্য সামগ্ৰী সহজে শ্ৰমিকসকললৈ প্ৰেৰণ কৰিব পৰা হ'ব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় সংস্থা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) আৰু উদ্ধাৰ অভিযানত নিয়োজিত ৰাজ্যিক প্ৰশাসনৰ দলে অবিৰাম পৰিশ্ৰম কৰি আছে ৷ ইতিমধ্যে আৱদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰথমবাৰ গৰম খিচিৰি প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে বাহিৰৰ পৰা কাজুবাদাম, আলমণ্ড, মাকৈৰ লগতে পানীয় প্ৰেৰণ কৰা হৈছিল ৷ পাইপৰ জৰিয়তে অন্য কোনো ধৰণৰ খাদ্য প্ৰেৰণ কৰা সম্ভৱ নোহোৱাৰ বাবে তেওঁলোক জীয়াই থাকিবলৈ শুকান ফল-মূলৰ বাদে অন্য খাদ্য প্ৰেৰণ কৰিব পৰা নাছিল ৷ আৱদ্ধ শ্ৰমিকসকলে শুকান ফল খাই থকাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাতৰি পোহৰলৈ আহিছিল ৷

ইফালে শুকান ফল খাই থকাৰ ফলত বেছি সংখ্যক শ্ৰমিকৰে পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ সমস্যাই দেখা দিয়া বুলি তেওঁলোকে অৱগত কৰিছিল ৷ ইয়াৰ পিচতে কোম্পানীটোৱে মুখ্য চিকিৎসা বিষয়া ডাঃ আৰচিএছ পানৱাৰক এই বিষয়ে অৱগত কৰিছিল ৷ তাৰ পিচৰে পৰাই স্বাস্থ্য বিভাগে যিকোনো প্ৰকাৰে গাখীৰ, কণী আৰু খাদ্য ভিতৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ৷

চৰকাৰৰ অনুসৰি, শ্ৰমিকসকল 2 কিলোমিটাৰ দীঘল সুৰংগ অংশত আৱদ্ধ হৈ আছে ৷ ইতিমধ্যে সুৰংগটোত বিদ্যুৎ আৰু পানী উপলব্ধ আছিল ৷ শেহতীয়াকৈ শ্ৰমিকসকলক 4 ইঞ্চিৰ কম্প্ৰেচাৰ পাইপলাইনৰ জৰিয়তে খাদ্য সামগ্ৰী আৰু ঔষধ প্ৰদান কৰা হয় ৷

উদ্ধাৰ অভিযানৰ ভাৰপ্ৰাপ্ত কৰ্ণেল দীপক পাটিলে কৈছিল যে, যদিও তেওঁলোকৰ 'প্ৰধান প্ৰত্যাহ্বান' হৈছে 900 মিমি পাইপৰ জৰিয়তে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা, সম্প্ৰতি ৬ ইঞ্চিৰ পাইপৰ মাজেৰে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক মোবাইল আৰু চাৰ্জাৰো প্ৰেৰণ কৰা হ'ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি উদ্ধাৰ অভিযানৰ বুজ লয় ৷

লগতে পঢ়ক:হোম-যজ্ঞৰ পৰা পূজা-অৰ্চনালৈ...ছিল্কিয়াৰা সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চলিছে বিভিন্ন প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details