অসম

assam

By

Published : Jun 25, 2023, 12:00 PM IST

ETV Bharat / bharat

1st World Cup title of India : ১৯৮৩ চনৰ আজিৰ দিনটোতে ভাৰতে আঁজুৰি আনিছিল বিশ্বকাপৰ খিতাপ

অধিনায়ক কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে প্ৰথমটো এদিনীয়া বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ৱেষ্ট ইণ্ডিজক ৪৩ ৰাণত পৰাস্ত কৰিছিল ভাৰতে । আজি দেশবাসীয়ে সেই বিশেষ দিনটো স্মৰণ কৰাৰ লগতে উদযাপনো কৰিছে ।

1st World Cup title of India
১৯৮৩ চনৰ আজিৰ দিনটোতে ভাৰতে আঁজুৰি আনিছিল বিশ্বকাপৰ খিতাপ

স্পৰ্টছ ডেস্ক,২৫ জুন :ভাৰতীয় ক্ৰিকেট ইতিহাসৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ । ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা আছে ১৯৮৩ চনৰ ২৫ জুনৰ দিনটো । কিয়নো সেই দিনটোতে ভাৰতীয় ক্ৰিকেট দলটোৱে পোন প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল । সেই কৃতিত্বৰ আজি ৪০ বছৰ । কেৱল খেলুৱৈ বা ক্ৰীড়াপ্ৰেমীৰ বাবেই নহয় সমগ্ৰ দেশবাসীৰ বাবে এই দিনটো আছিল গৌৰৱৰ দিন । যাৰ বাবে আজি দেশবাসী সেই দিনটো স্মৰণ কৰাৰ লগতে উদযাপনো কৰিছে ।

১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপৰ অন্তিমখন খেল অৰ্থাৎ ফাইনেলত কপিল দেৱৰ নেতৃত্বৰ ভাৰতীয় দলটো ৱেষ্ট ইণ্ডিজৰ মুখামুখি হৈছিল । এই খেলখনত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজক ৪৩ ৰাণত পৰাস্ত কৰে আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী হাতত তুলি লয় ।

যদি আপুনি দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱা এটা দলৰ সৈতে প্ৰতিদ্বন্দিতা কৰে আৰু সেই দলটোত বহুতো কিংবদন্তি খেলুৱৈ অন্তৰ্ভুক্ত আছে । সেই অৱস্থাত মেচখনত জয়ী হোৱাটো বহুত কঠিন হৈ পৰে আৰু ৩৯ বছৰ পূৰ্বে ভাৰতীয় দলটোৰ সন্মুখত এনেকুৱা এটা পৰিস্থিতিৰে সৃষ্টি হৈছিল । খেলখন অনুষ্ঠিত হৈছিল ঐতিহাসিক লৰ্ডছত । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে মাত্ৰ ১৮৩ ৰাণ হে সংগ্ৰহ কৰিছিল । ইয়াৰ পাছত, ভাৰতীয় বলাৰসকলে ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলক এনেদৰে ফান্দত পেলাইছিল যে গোটেই দলটো মাত্ৰ ১৪০ ৰাণতে অল আউট হয় ।

উল্লেখ্য যে কপিল দেৱৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটো অতি শক্তিশালী ৰূপত ১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপ আৰম্ভ কৰিছিল । ৪ খনত জয় আৰু ২ খনত পৰাজয়ৰ সৈতে ভাৰতীয় দলটো গ্ৰুপৰ তালিকাত দ্বিতীয় স্থানত আছিল । প্ৰথমে জিম্বাবোৱে, ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিছিল । ছেমি ফাইনেলত ভাৰতে ইংলেণ্ডকো ৬ উইকেটত পৰাস্ত কৰে । ভাৰতে আক্ৰমণাত্মক ৰূপত ফাইনেলত উপনীত হৈছিল । কিন্তু ৱেষ্ট ইণ্ডিজে ইতিমধ্যে ১৯৭৫ আৰু ১৯৭৯ চনত দুবাৰ কৈ বিশ্বকাপ ফাইনেল জয়ী হৈ শক্তিশালী স্থিতিত আছিল । কিন্তু সেই সময়ত দেশবাসীৰ প্ৰাৰ্থনা আৰু দলটোৰ কঠোৰ সাধনাৰ বলত ভাৰতে প্ৰথমবাৰলৈ বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ।

২০১১ চনত পুনৰ ২৮ বছৰৰ অন্তত ভাৰতীয় দলটোৱে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত এদিনীয়া বিশ্ব কাপৰ খিতাপ অৰ্জন কৰিছিল । এইবছৰ ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ । সেয়ে পুনৰ এবাৰ ভাৰতীয় ক্ৰীড়াপ্ৰেমীয়ে তেনে মুহূৰ্তৰ সাক্ষী হ'বলৈ আগ্ৰহ দেখুৱাইছে ।

লগতে পঢ়ক :Asian Games 2023 : বিচিচিআইৰ বৃহৎ ঘোষণা, এছিয়ান গেমছ খেলিব ভাৰতীয় ক্ৰিকেট দলে

ABOUT THE AUTHOR

...view details