নেশ্যনেল ডেস্ক,২০ জুন :এইবাৰ কেৰালাত জ্বৰৰ সন্ত্ৰাস । ইজনৰ পাছত সিজন আক্ৰান্ত হৈছে ভাইৰেল জ্বৰত । একেদিনাই ১০,০০০ৰো অধিক ৰোগী চিকিৎসকৰ কাষ চাপিছে । যোৱা ১০ দিন ধৰি ৰাজ্যখনৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ১০,০০০ ৰো অধিক লোকে জ্বৰৰ চিকিৎসা কৰা দেখা গৈছে । যদি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা লোকৰ সংখ্যাও পৰীক্ষা কৰা হয়, এই সংখ্যাটো দুগুণ হ'ব ।
সোমবাৰে প্ৰায় ১৩ হাজাৰ লোকে জ্বৰৰ চিকিৎসাৰ বাবে হাস্পতাললৈ গৈছে । ১২,৯৮৪ গৰাকী লোকে বিভিন্ন অ'পিত চিকিৎসা কৰাৰ সমান্তৰালকৈ ১৮০ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । জুনৰ আৰম্ভণিৰ পৰাই ভাইৰেল জ্বৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । জুন মাহত এতিয়ালৈ ৰাজ্যখনত ১,৬১,৩৪৬ গৰাকী লোকে জ্বৰৰ বাবে চিকিৎসা বিচাৰি হাস্পতাললৈ গৈছে ।
ৰাজ্যখনত ভাইৰেল জ্বৰৰ লগতে ডেংগু আৰু লেপ্টোস্পাইৰোচিছৰ ঘটনাও বৃদ্ধি পাইছে । কেৱল সোমবাৰৰ দিনটোতে ১১০ গৰাকী লোক ডেংগু জ্বৰত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে । ২১৮ গৰাকী লোকে ডেংগু জ্বৰৰ সন্দেহত হাস্পতাললৈ আহিছিল । তাৰ বেছিসংখ্যক ৰোগীয়ে এৰ্নাকুলাম জিলাৰ বুলি জানিব পৰা গৈছে । জুন মাহত ১০১১ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ।