নিউজ ডেস্ক, ৩ জুলাই :ৰাজস্থানৰ জয়পুৰ চহৰত এজন ব্যক্তিয়ে এগৰাকী বিদেশী মহিলা পৰ্যটকক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যাৰ ফলত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ঘটনাটো জয়পুৰ চহৰৰ সিন্ধি কেম্প অঞ্চলত সংঘটিত হৈছিল যদিও এই ঘটনাটো কেতিয়াৰ সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।
ভিডিঅ'টোত মহিলা পৰ্যটকগৰাকীক এজন পুৰুষ সঙ্গী আৰু এজন স্থানীয় পুৰুষৰ সৈতে দেখা গৈছে । তাত দেখা গৈছে যে স্থানীয় ব্যক্তিগৰাকীয়ে বাৰে বাৰে তেওঁক আপত্তিজনকভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে । মহিলাগৰাকীয়ে মানুহজনক ঠেলি দিবলৈ চেষ্টা কৰিছে । আনকি তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ মৰমৰ সুৰত কথা কোৱাও দেখা গৈছে ।
৪০ বছৰমান বয়সৰ ব্যক্তিজনে মহিলাগৰাকীৰ কান্ধত হাত দিয়াৰ পূৰ্বে 'এয়া মোৰ আনন্দ' বুলি উচ্চাৰণ কৰা শুনা গৈছে । ইয়াৰ পিছত আনখন হাতেৰে মহিলাগৰাকীৰ আনটো বাহুত ধৰি লয় । কোনোবা এটা মুহূৰ্তত ব্যক্তিগৰাকীয়ে বুকুৰ কাষৰ আপত্তিজনক অংশত স্পৰ্শ কৰে, যিটো স্পষ্টভাৱে এক নিৰ্যাতন আৰু তাৰ দ্বাৰা মহিলাগৰাকী যথেষ্ট অস্বস্তিত পৰে ।
আনহাতে, ভিডিঅ'টোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ইউজাৰে ৰেডিটত লিখিছে, "আৰু এতিয়াও পিৰিয়ড পেড বা কণ্ডোমৰ বিজ্ঞাপন প্ৰদৰ্শিত হ'লে অভিভাৱকসকলে সদায় বিজুলী গতিৰে টিভিটো বন্ধ কৰে ।" আন এজন ইউজাৰে লিখিছে, "মই হোৱাহেঁতেন এই মানুহজনক হত্যা কৰিলোঁহেঁতেন । কেৱল এই বাৰ্তাটো দিবলৈ যে মানুহক হাৰাশাস্তি কৰাটো সঠিক নহয় ।"