অসম

assam

ETV Bharat / bharat

২২ সংখ্যক কাৰ্গিল বিজয় দিৱসত বীৰ শ্বহীদক স্মৰণ দেশবাসীৰ

পাকিস্তানী সেনাই ভাৰতৰ ভূ-খণ্ডত অনুপ্ৰৱেশ কৰাৰ পাছতে ১৯৯৯ চনৰ মে' মাহৰ পৰা জুলাই মাহলৈকে চলিছিল ঐতিহাসিক কাৰ্গিল যুদ্ধ । দেশমাতৃৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল ভাৰতৰ ৫২৭ গৰাকী বীৰ জোৱানে । কিন্তু ভাৰতৰ বীৰ জোৱানৰ ত্যাগ অথলে যোৱা নাছিল । ভাৰতীয় সেনাৰ বিজয় অভিযান সফলভাৱে সমাপ্ত হৈছিল । সেয়ে, বীৰ জোৱানৰ ত্যাগৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় । সোমবাৰেও ২২ সংখ্যক কাৰ্গিল বিজয় দিৱসত দেশৰ জনতাই বীৰ শ্বহীদলৈ জনাইছে শ্ৰদ্ধাঞ্জলি ।

By

Published : Jul 26, 2021, 2:16 PM IST

Kargil Vijay Diwas
২২ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন

নেশ্যনেল ডেস্ক, ২৬ জুলাই : ১৯৯৯ৰ ২৬ জুলাই, পাকিস্তানৰ সেনাৰ ভাৰতত প্ৰৱেশৰ দুঃসাহসৰ উচিত প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই । ভাৰত ভূমিলৈ নিক্ষেপ কৰা কোপদৃষ্টিৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে তাৰ উমান পাইছিল পাকিস্তানে । ভাৰতীয় সেনাৰ গুলীত ধৰাশায়ী হৈছিল পাকিস্তানৰ ৩৫৭-৪৫৩ গৰাকী সেনা । দেশৰ গৰিমা, সুৰক্ষা অক্ষুণ্ণ ৰখাৰ বাবে জীৱন উছৰ্গা কৰিছিল ভাৰতৰ ৫২৭ গৰাকী বীৰ জোৱানে ।

২২ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন

১৯৯৯ চনৰ মে' মাহৰ পৰা জুলাই মাহ পৰ্যন্ত অব্যাহত থকা এই যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতৰ বীৰ জোৱানসকলৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস উদযাপন কৰি অহা হৈছে । সোমবাৰে ২২ সংখ্যক কাৰ্গিল বিজয় দিৱসত বীৰ জোৱানসকলক শ্ৰদ্ধাৰে সুঁৱৰিছে দেশবাসীয়ে । সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাৰ্গিলৰ দ্ৰাছ চেক্টৰত থকা কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা অদম্য সাহস আৰু ত্যাগৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক: কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য কি ?

১৯৯৯ চনৰ ১৩ জুনত টলোলিঙৰ যুদ্ধত পাকিস্তানী সেনাৰ বিৰুদ্ধে যুঁজ দি ভাৰতীয় সেনাই প্ৰথম বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছিল । এই বিজয় কাৰ্গিল যুদ্ধৰ এক টাৰ্ণিং পইণ্ট আছিল প্ৰতিৰক্ষা বিভাগৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱটৰ(Bipin Rawat) সোমবাৰে কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ । দেওবাৰে, তেওঁ নিৰাপত্তা ব্য়ৱস্থা পৰ্যালোচনাৰ বাবে দ্ৰাছ চেক্টৰ পৰিদৰ্শন কৰে ।

২২ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন

জেনেৰেল বিপিন ৰাৱটে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা, দ্ৰাছ চেক্টৰ পৰিদৰ্শন কৰে আৰু নিৰাপত্তা ব্যৱস্থা আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে । সেনাৰ সৈতেও তেওঁ বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সাহস তথা দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে । সকলোকে দৃঢ় হৈ থাকিবলৈ ৰাৱটে আহ্বান জনায় । ভাৰতীয় সেনাৰ অতিৰিক্ত জন তথ্য সঞ্চালকালয়ে টুইটযোগে এই কথা প্ৰকাশ কৰে ।

লগতে পঢ়ক: Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

আনহাতে, কাৰ্গিল যুদ্ধৰ নায়কসকলৰ ত্যাগ আৰু বীৰত্বৰ বিষয়ে স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে কয় যে, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা সেনা জোৱানৰ সাহসিকতাই প্ৰতি দিনে দেশবাসীক অনুপ্ৰাণিত কৰে । লগতে তেওঁ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দেওবাৰে অনাতাঁৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত অনুষ্ঠান 'মন কী বাত'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক গৌৰৱান্বিত কৰা সাহসী জোৱানক শ্ৰদ্ধাঞ্জলি জনাবলৈ দেশবাসীক আহ্বান জনায় । তেওঁ কয় যে, দেশৰ বাবে বিজয়ৰ ত্ৰিৰংগা পতাকা উৰুওৱাজনৰ বাবে সন্মান ওপজা একেবাৰে স্বাভাৱিক ।

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ আগমনকলৈ জম্মু-কাশ্মীৰ আৰু লাডাখত কটকটীয়া কৰা হৈছে নিৰাপত্তা

দেশপ্ৰেমৰ এই অনুভূতিয়ে সকলোকে একত্ৰিত কৰে বুলিও মোডীয়ে মন্তব্য কৰে । কাৰ্গিলৰ যুদ্ধৰ ৰোমাঞ্চকৰ কাহিনী পঢ়ি কাৰ্গিল যুদ্ধৰ নায়কসকলকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ আহ্বান জনায় । সোমবাৰে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতীয় সেনাই ঐতিহাসিক কাৰ্গিল যুদ্ধ স্মাৰকত একত্ৰিত হৈ লাডাখৰ পৰ্বতমালাত ১,০০০ কিলোমিটাৰতকৈও অধিক পথ অতিক্ৰম কৰি বিশাল বাইক ৰেলী উলিয়ায় ।

দেওবাৰে পুৱা সেনাই দ্ৰাছৰ ওচৰৰ লামোচেনত অভিযান 'বিজয়'ৰ কাহিনী বৰ্ণনা কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ১৯৯৯ চনৰ ২৬ জুলাইত পাকিস্তানক পৰাস্ত কৰিছিল । তেতিয়াৰে পৰা সৈনিকসকলৰ ত্যাগক স্মৰণ কৰিবলৈ 'কাৰ্গিল বিজয় দিৱস' পালন কৰি অহা হৈছে ।

লগতে পঢ়ক: কাৰ্গিল বিজয়ৰ দিৱসৰ পূৰ্বে দ্ৰাচ চেক্টৰ পৰিদৰ্শন বিপিন ৰাৱটৰ

ABOUT THE AUTHOR

...view details