স্প’ৰ্টছ ডেস্ক, ১৮ আগষ্ট: অলিম্পিকত ৰূপক পদক জয় কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা মল্লযোদ্ধা ৰবি কুমাৰ দহিয়া(Ravi Kumar Dahiya)ৰ নামত পুনৰ নামকৰণ কৰা হ'ব দিল্লীৰ আদৰ্শ নগৰৰ এখন চৰকাৰী বিদ্যালয় । আদৰ্শ নগৰত থকা এই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়খনক ৰবি দহিয়া বালক বিদ্যালয় হিচাপে নামকৰণ কৰা হ'ব । সোনিপতৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা দহিয়াই এই বিদ্যালয়খনত অধ্যয়ন কৰিছিল । মঙলবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই কথা প্ৰকাশ কৰে ।
মঙলবাৰে ৰবি দহিয়াই বিদ্যালয়খন ভ্ৰমণৰ সময়তে দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । বিদ্যালয়খনত উপস্থিত হোৱাৰ সময়ত ৰবি দহিয়াক বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আদৰণি জনায় । চিছোদিয়াই টুইটযোগে জনোৱা মতে, ৰবি দহিয়াই বিদ্যালয়খন ভ্ৰমণৰ সময়খিনি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে আৱেগিক মুহুৰ্ত আছিল ।