নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: মহাৰাষ্ট্ৰৰ ঔৰংগবাদত জঘন্য ঘটনা সংঘটিত হৈছে ৷ নাতিয়েকে ছোৱালী পলুৱাই নিয়াৰ বাবে আইতাকক উলংগ কৰি প্ৰহাৰ কৰিলে যুৱতীগৰাকীৰ পৰিয়ালৰ একাংশ লোকে(Old woman stripped naked and beaten)৷ ঔৰংগবাদ জিলাৰ গংগাপুৰ তালুকাত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ৷ এই সমগ্ৰ মাৰপিটৰ ঘটনা ফোনৰ কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে অভিযুক্ত প্ৰহাৰকাৰীয়ে (Video viral on social media)৷
ঘটনাৰ বিৱৰণী অনুসৰি গংগাপুৰৰ ফৰ্কত নাতিয়েকৰ সৈতে বাস কৰিছিল এগৰাকী বৃদ্ধা মহিলা (Old woman beaten brutally)৷ নাতিয়েক বিবেকে নিকটৱৰ্তী গাঁৱৰে এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল ৷ কিন্তু এই প্ৰেমৰ সম্পৰ্কক মানি লোৱা নাছিল যুৱতীৰ ঘৰৰ লোকে ৷
দুয়োৰে প্ৰেমৰ কথা যুৱতীৰগৰাকীৰ ঘৰত গম পাওঁতেই যুৱতীগৰাকীৰ ঘৰৰ লোক টিঙিৰ তুলা হৈ পৰে ৷ তেওঁলোকে যুৱতীগৰাকীক প্ৰথমে মৰমেৰে এই সম্পৰ্ক শেষ কৰিবলৈ বুজাইছিল ৷ কিন্তু ঘৰৰ লোকৰ কোনো কথাই মানি ল’বলৈ মান্তি হোৱা নাছিল যুৱতীগৰাকীয়ে ৷
অৱশেষত ঘৰৰ লোকৰ হেঁচা সহ্য কৰিব নোৱাৰি বিবেকৰ লগত পলাই যোৱাৰ পৰিকল্পনা কৰে যুৱতীৰগৰাকীয়ে ৷ কথামতেই কাম, বিবেকে যুৱতীগৰাকীক লৈ পলাই যায় ৷ যুৱতীগৰাকীক নিখোজ হোৱাৰ লগে লগে ঘৰৰ লোকে বিবেকৰ কথা সোধ-পোছ কৰে ৷ কিন্তু বিবেকো নথকাত যুৱতীগৰাকীৰ ঘৰৰ পৰিয়ালে বিবেকৰ পলাই যোৱাৰ কথাত নিশ্চিত হয় ৷ তাৰ পিছতেই খঙত অগ্নিশৰ্মা হৈ যুৱতীগৰাকীৰ ঘৰৰ লোকে বিবেকৰ ঘৰলৈ আহে ৷