নিউজ ডেস্ক,18 ফেব্ৰুৱাৰী:তামিলনাডুত ছেইণ্ট জৰ্জ দুৰ্গৰ যুঁজত নেতৃত্ব লৈছে পুৰণি চেহেৰাৰ নতুন নেতাই ৷ প্ৰমুখ বিৰোধী দল ডিএমকে-য়ে, শাসন বিৰোধী ঢৌৰে যুঁজি থকা ক্ৰমাগতভাৱে দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনত থকা এআইএডিএমকে-ক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱাৰ সময়তে শাসকীয় দলটোৰ বাবে গাদীত তিষ্ঠি থকাতো কঠিন হৈ পৰিছে ৷ দ্ৰাবিড়ীয় দল দুটাৰ বাবে এই যুঁজখন জীৱন-মৰণৰ যুঁজ যেন হৈ পৰিছে ৷ সেই একেদৰেই সামাজিক ন্যায় প্ৰতিষ্ঠাৰ পথ অনুসৰণ কৰাৰ বাবে খ্যাত ৰাজ্যখনৰ ভৱিষ্যতৰ ৰাজনৈতিক সমীকৰণৰ বাবেও ই অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বৃটিছ যুগৰে দুৰ্গ ছেইণ্ট জৰ্জত ক্ষমতাৰ লেকাম চম্ভালিবলৈ চলা যুঁজখনৰ ফলত দুয়োটা চিৰবৈৰী দ্ৰাবিড়ীয় দল ডিএমকে আৰু এআইএডিএমকে-ৰ মজিয়াৰ পৰা নতুন নেতাৰ আবিৰ্ভাৱ ঘটিছে ৷ ডিএমকে-ৰ সভাপতি এম কে ষ্টেলিন আৰু মুখ্যমন্ত্ৰী ইডাপাড়িকে পালানিস্বামী (ই পি এছ) যদিও নেতা হিচাপে নতুন, প্ৰকৃততে তেওঁলোক পুৰণিয়েই ৷ তেওঁলোকৰ পাছতেই নিজকে পৰিৱৰ্তনৰ অগ্ৰদূত বুলি দাবী কৰা চেলিব্ৰিটি কমল হাচানৰ নাম ল’ব পাৰি ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ যিকোনো মুহুৰ্ততে ঘোষণা হোৱাৰ সময় যিমানেই চমু চাপিছে, সিমানেই প্ৰচাৰ অভিযানসমূহৰ কুচকাৱাজ তুংগত উঠিছে ৷
জে জয়াললিতাৰ মৃত্যুৰ পাছৰ ধুসৰ পৰিস্থিতিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ লৈ অহা বৰ্তমানৰ ইপিএছ হ’ল ক্ষমতাত থকা এআইএডিএমকে-ৰ প্ৰমুখ চেহেৰা আৰু তেওঁ মুখ্যমন্ত্ৰী হিচাপে চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছে ৷ এক উদ্দীপ্ত ভাৱমূ্ৰ্তিৰ নেতালৈ নিজকে পৰিৱৰ্তন কৰা, অবিৰতভাৱে চলি থকা বিজ্ঞাপনৰ চমকে তেওঁক সহায় কৰিছে যদিও অনাগত বিধানসভা নিৰ্বাচন তেওঁৰ বাবে হ’ব এক অগ্নিপৰীক্ষা ৷ সাংগঠনিকভাৱে খুবেই শক্তিশালী আৰু শাসন বিৰোধী ঢৌৰ দ্বাৰা লাভান্বিত হোৱা এক পুনৰুত্থানশীল ডিএমকেৰ তৰফৰ পৰা তেওঁ এক কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে ৷ এই নিৰ্বাচন কেৱল কেৰিস্মেটিক নেতা ডিএমকেৰ পিতৃপুৰুষ মুতুভেল কৰুণানিধি আৰু এআইএডিএমকে-ৰ প্ৰাইমা ড’না জয়াললিতাৰ অনুপস্থিতিৰ বাবেই মহত্বপূৰ্ণ নহয়, ই গুৰুত্বপূৰ্ণ কাৰণ বিজেপিয়ে এআইএডিএমকে-ক নিজৰ বহতীয়া কৰি তুলি নিজৰ পদচিহ্ণ প্ৰসাৰিত কৰিবলৈ প্ৰতিটো কৌশল প্ৰয়োগ কৰিছে ৷ হিন্দুত্বৰ সৈতে ইপিঠি-সিপিঠি সম্পৰ্কৰ গেৰুৱা দলটিৰ বাবে এখন আসনত জয়ী হোৱাতোও খুবেই কষ্টসাধ্য হ’ব ৷ কিয়নো দলটোৰ ভোটৰ অংশীদাৰিত্ব হৈছে মাত্ৰ ২ শতাংশ ৷ তথাপি তেওঁলোকৰ মহত্বকাংক্ষাৰ কোনো সীমা নাই ৷ দলটোৰ মূল লক্ষ্য হৈছে ডিএমকে-ক ক্ষমতালৈ অহাত বাধা দিয়া নাইবা দলটোক দুৰ্বল কৰা ৷ গেৰুৱা বাহিনীয়ে জানে যে তেওঁলোকৰ উন্নতি নিহিত হৈ আছে দ্ৰাবিড়ীয় দল দুটাৰ আদৰ্শ দুৰ্বল হৈ পৰা আৰু দল থানবান হৈ যোৱা কাৰ্যত ৷
প্ৰধান অভিনেতা কেইজন:
বিজেপিক বাদ দিও নিৰ্বাচনটোত চাৰিজন মুখ্য খেলুৱৈ আছে ৷ প্ৰথমজন হ’ল, ডিএমকেৰ সভাপতি এম কেষ্টেলিন ৷ তেওঁৰ দলে সামান্য ব্যৱধানত এআইএডিএমকে-ৰ ওচৰত পৰাজয় বৰণ কৰাৰ ফলত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা হেৰুৱাবলগা হৈছিল ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এআইএডিএমকে আৰু ডিএমকেয়ে লাভ কৰা ভোটৰ ব্যৱধান আছিল মাত্ৰ ১.১ শতাংশ ৷ যি নহওঁক তেওঁৰ নেতৃত্বত ডিএমকে আৰু সহযোগী দলসমূহে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনত ৩৯ খন আসনৰ ৩৮ খনত বিজয়ী হয় ৷ লগতে এই নিৰ্বাচনত ডিএমকেৰ ভোটৰ অংশীদাৰিত্ব ৫২.৩৯ শতাংশলৈ বৃদ্ধি পায় ৷ আনহাতে এআইএডিএমকে-ৰ ভোটৰ অংশীদাৰিত্ব ৩৯.২৬ শতাংশলৈ হ্ৰাস পায় ৷ ই দলটোৰ বাবে আছিল ভাগ্যৰ ওলোতা খৰ ৷ এআইএডিএমকে এখন আসনতে সুখী হ’বলগীয়া হয় ৷ ষ্টেলিনৰ (৬৭) উপৰিও আন দুজনেও তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে- ক্ষমতাসীন ই পি এছ (৬৬) আৰু চিৰ তৰুণ অভিনেতা মাক্কাল নিধি মাইআমৰ (এম এন এম) প্ৰতিষ্ঠাতা কমল হাছান (৬৬) ৷ এওঁলোকৰ মাজত এটা কথাৰ মিল দেখিবলৈ পোৱা গৈছে ৷ সেয়া হ’ল তেওঁলোক কেওঁজনেই ষাঠিৰোৰ্ধৰ আৰু এতিয়াও সপ্ৰতিভ হৈয়ে আছে ৷ তিনিওজনেই ইতিমধ্যে প্ৰচাৰ অভিযানত নামি পৰিছে ৷ এআইএডিএমকে-ৰ শ্ল’গান হৈছে “ট্ৰিউমফেণ্ট তামিলনাডু” আৰু তেওঁলোকৰ ‘মেস্কট’ হ’ল ই পি এছ ৷ নিৰ্বাচনৰ সময়ত ক্ষমতাত থকাটো এআইএডিএমকে-ৰ বাবে লাভজনক হৈছে ৷ দলটোৱে এই সুবিধাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ৷ ডিএমকে-ৰ শ্ল’গান হ’ল “ষ্টেলিন টুৱাৰ্ডছ এ নিউ ডন” ৷ আনহাতে কমল হাছানে “দুৰ্নীতি বিৰোধিতাক” অস্ত্ৰ হিচাপে লৈ দ্ৰাবিড়ীয়ান দল দুটাক লক্ষ্য কৰি লৈছে ৷ যিহেতু এমএনএম দলটোৱে লোকসভা নিৰ্বাচনত ৫ শতাংশ ভোট পাইছিল, গতিকে অভিনেতাজনে এই নিৰ্বাচনত বিগুল বজাব পাৰিব নে নাই সেয়া লক্ষণীয় হ’ব ৷ আমোদজনক কথাটো, বিজেপিয়ে উদ্ধাৰ কৰিব বুলি আশা পালি থকা মেটিনি আইকন ৰজনীকান্তে গেৰুৱা বাহিনীটোক হতবাক কৰি ৰাজনীতিৰ সাগৰখনত ডুব মৰাৰ পূৰ্বেই আঁতৰি যোৱাৰ সিদ্ধান্ত লয় ৷ “ব্যৱস্থাৰ পৰিৱৰ্তন” ঘোষণা কৰা অভিনেতাজনে স্বাস্থ্যজনিত কাৰণত শিৰ নত কৰিবলগাত পৰে ৷ যি নহওঁক, জয়াললিতাৰ বিশ্বস্ত ভি কে শশীকলাৰ মুক্তিয়ে এআইএডিএমকে-ৰ হিচাপ-নিকাচ তথা দলটোৰ ৰাজনৈতিক ভাগ্য চকৰিত সলনি ঘটাব বুলি আশা কৰা হৈছে ৷ অসামঞ্জস্য সম্পত্তি থকাৰ গোচৰত অভিযুক্ত হৈ চাৰি বছৰ কাৰাবাসত থকা শশীকলাই বেংগালুৰু কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি তামিলনাডুত ভৰি দি এআইএডিএমকে-ৰ বাবে এক অসহজ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে এই গোচৰত প্ৰথম আৰোপী আছিল জয়াললিতা ৷ যদিও বহু লোকেই তেওঁক বিনা কাৰণতেই খাৰিজ কৰাৰ প্ৰতি ইচ্ছুক হ’ব পাৰে, কিন্তু এইটো মন কৰিব লাগিব যে তেওঁ এনে এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যি জয়াললিতা বাবে অসীম শক্তি প্ৰয়োগ কৰিছিল ৷ তেওঁক এআইএডিএমকে-ত পুনৰ আদৰি নললেওঁ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে ৷ ৰাজ্যিক বিজেপিৰ বহুতেই মুকলিভাৱেই এআইএডিএমকে-ক শক্তিশালী কৰি তুলিবৰ বাবে শশীকলা অৰু এআইএডিএমকে-ৰ মাজত পুনৰ সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে ওকালতি কৰিছে ৷ মুখ্যমন্ত্ৰী আৰু কেইগৰাকীমান মন্ত্ৰীৰ তৰফৰ পৰাহে এই প্ৰসংগত বিৰোধিতা আহিছে ৷ আনহাতে, বাকীসকলে হাত এৰাই চলিছে ৷
ৰাজ্যখনে বহু ধনৰ লেনদেন হোৱাৰ বাবে তামিলনাডুত ৰাজনীতি আৰু নিৰ্বাচনত কুখ্যাতি আৰ্জিছে ৷ ২০০৩ চনত চাতানকুলাম,য’ৰ পৰা জয়াললিতা বিজয়ী হৈ আহিছিল আৰু তিৰুমংগলমৰ উপ নিৰ্বাচন, য’ত ডিএমকে জয়ী হৈছিল, তেতিয়াৰ পৰাই ভোটাৰক ঘোচ দিয়াতো নিয়মত পৰিণত হৈ পৰিছে ৷