নেশ্যনেল ডেস্ক,২৯ আগষ্ট :মাদুৰাইত ৰখাই থোৱা ৰে'লত সংঘটিত অগ্নিকাণ্ডক লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে । চিলিণ্ডাৰৰ পৰাই অগ্নিসংযোগৰ সন্দেহ কৰা হৈছে । ইয়াৰ প্ৰভাৱ উত্তৰ-পূব ৰে'লৱে লক্ষ্ণৌ মণ্ডলত পৰাৰো সম্ভাৱনা আছে । কিয়নো ১৭ আগষ্টত ৰে'লখন উত্তৰ-পূব ৰে'লৱেৰ লক্ষ্ণৌ জংচনৰ পৰা ৰাওনা হৈছিল । তাত যাত্ৰীসকলৰ বয়বস্তু পৰীক্ষা কৰা হোৱাই নাছিল । সন্দেহ কৰা হৈছে যে ৰে'লখনত থকা যাত্ৰীসকলে চিলিণ্ডাৰ লৈ গৈছিল আৰু তেওঁলোকে লক্ষ্ণৌৰ পৰাই লৈ গৈছিল ।
উল্লেখ্য যে দক্ষিণ চক্ৰৰ ৰে'ল সুৰক্ষা আয়ুক্ত এ এম চৌধুৰীয়ে মাদুৰাই ষ্টেচনৰ চৌহদত ৰখাই থোৱা এটা ব্যক্তিগত ডবাত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । সূত্ৰৰ মতে তেওঁ দেওবাৰে আৰু সোমবাৰে ৰৈ থকা ডবাটোত সংঘটিত অগ্নিকাণ্ডৰ কেইবাটাও প্ৰমাণ সংগ্ৰহ কৰে আৰু তাত ৰে'ল কৰ্মচাৰীৰ ভাষ্য সংগ্ৰহ কৰে ।
মাদুৰাই ষ্টেচনৰ আৰপিএফ কেছ ডায়েৰীত কোৱা হৈছে যে জুইৰ সুত্ৰপাত এটা এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হৈছিল । এতিয়া ৰে'ল সুৰক্ষা আয়ুক্তই উত্তৰ-পূব ৰে'লৱে লক্ষ্ণৌ মণ্ডলৰ বিষয়াসকলকো জেৰা কৰাৰ সম্ভাৱনা আছে । ১৭ আগষ্টৰ আবেলি ৩:৪৫ বজাৰ পৰা আবেলি ৪:২০ বজালৈ লক্ষ্ণৌ জংচনৰ চিচিটিভি ফুটেজ সংৰক্ষণ কৰাৰ বাবে আৰপিএফ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে ।