নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ:আজি অৰ্থাৎ মঙলবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ বুজ লয় । ধামীয়ে সুৰংগটোৰ প্ৰৱেশদ্বাৰত অৱস্থিত বাবা বৌখনাগ মন্দিৰত প্ৰাৰ্থনা কৰি সকলো শ্ৰমিকক সুৰক্ষিত উদ্ধাৰjৰ বাবে কামনা কৰে । একে সময়তে থিতাতে উপস্থিত থকা প্ৰশাসনিক বিষয়াসকলে সুৰংগটোত আবদ্ধ হৈ থকা 41 জন শ্ৰমিকৰ পৰিয়ালক সাজু হৈ থাকিবলৈ আৰু শ্ৰমিকসকলৰ কাপোৰ-কানিৰে সৈতে বেগ সাজু কৰি ৰাখিবলৈ আহ্বান জনায় । শ্ৰমিকসকলক উদ্ধাৰ কৰি চিনয়ালিছাউৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব বুলি জনায় ।
উল্লেখযোগ্য যে, পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সুৰংগটোত হাতেৰে চলায় থকা খনন সন্দৰ্ভতো তথ্য গ্ৰহণ কৰে । তেওঁ কয় যে খননৰ বাবে পাইপত যোৱা শ্ৰমিকসকলৰ সুৰক্ষাৰ প্ৰতিও যত্ন ল’ব লাগে । মেনুৱেল ড্ৰিলিং কৰা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকক উৎসাহিত কৰাৰ লগতে সাহায্য আৰু উদ্ধাৰ কামত নিয়োজিত সকলো শ্ৰমিকৰ কামৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে নিৰন্তৰ যোগাযোগ বৰ্তায় ৰাখিবলৈ চিকিৎসক, মনোৰোগ বিশেষজ্ঞ আৰু শ্ৰমিকৰ পৰিয়ালবোৰলৈ নিৰ্দেশনা দিয়ে ।