নেশ্যনেল ডেস্ক,৯ জুন :বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ মৃত্যু হৈছিল (Odisha train tragedy)। বহু লোকৰ মৃতদহ ৰখা হৈছিল এখন বিদ্যালয়ত । পিছে সেই বিদ্যালয়খন এতিয়া ধ্বংস কৰা হ'ব । কাৰণ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ অস্বস্তিবোধ অভিভাৱকৰ ।
উল্লেখ্য যে, বালাছোৰৰ দুৰ্ঘটনাত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল । সেই সময়ত হাস্পতালৰ লগতে বাহানাগা হাইস্কুল অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল । য'ত একাংশ মৃতদেহ ৰখা হৈছিল । মৃতদেহবোৰ এতিয়া নাই যদিও বিদ্যালয়খনৰ সমীপৰ ৰাইজৰ মাজত তীব্ৰ আশংকাৰ সৃষ্টি হৈছে । মৰ্গ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়খনলৈ সন্তানক পঠিয়াবলৈ ইচ্ছা প্ৰকাশ কৰা নাই । যাৰ বাবে প্ৰশাসনে বিদ্যালয় ভৱনটো ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে (Bahanaga High School building to be demolished)।
বালাছোৰৰ উপায়ুক্ত দত্তাত্ৰয় ভাউচাহেব সিন্দেয়ে বৃহস্পতিবাৰে কয় যে তেওঁ বিদ্যালয় প্ৰশাসন আৰু স্থানীয় প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । য'ত পৰামৰ্শ দিয়া হৈছে যে যিটো বিদ্যালয়ভৱনত মৃতদেহবোৰ ৰখা হৈছিল সেইটো ভাঙি পেলাব লাগে । বিদ্যালয় চৌহদ ভ্ৰমণ কৰাৰ পাছতে উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । উপায়ুক্তগৰাকীয়ে প্ৰায় ৪৫ মিনিট ধৰি বিদ্যালয়খনত উপস্থিত থাকি পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।