অসম

assam

By

Published : Jun 3, 2023, 11:25 AM IST

Updated : Jun 3, 2023, 12:34 PM IST

ETV Bharat / bharat

Balasore tain accident : নিশাৰ ভিতৰতে বালাচোৰৰ হাস্পতালত ৫০০ ইউনিট তেজ সংগ্ৰহ

ৰে'ল দুৰ্ঘটনাৰ পাছতে মানৱীয়তাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে ওড়িশাবাসীয়ে । গোটেই নিশা ৰক্তদানৰ বাবে হাস্পতালত শাৰী পাতিলে শ শ লোকে (Queue in Balasore hospital for blood donation)। নিশাৰ ভিতৰতে বালাচোৰ আৰু ভদ্ৰক হাস্পতালত তেজৰ ৫০০ ইউনিট সংগ্ৰহ । আহতসকলৰ চিকিৎসাত সহায়ৰ বাবে এই পদক্ষেপ ।

Balasore tain accident
নিশাৰ ভিতৰতে ৫০০ ইউনিত তেজ সংগ্ৰহ

নেশ্যনেল ডেস্ক,৩ মে' :বালাচোৰৰ দুৰ্ঘটনাৰ পাছত সমগ্ৰ ওড়িশাতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Balasore train accident)। প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে দুৰ্ঘটনাত পতিত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন । চিকিৎসা সাহায্যৰ বাবেও বহুলোক আগবাঢ়ি আহিছে ।

ইফালে মানৱীয়তাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে ওড়িশাবাসীয়ে । দুৰ্ঘটনাৰ পাছতে আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ বহুলোকে হাস্পতালত ভিৰ কৰিছে । স্বেচ্ছাই ৰক্তদানৰ বাবে বহুলোক বালাচোৰ আৰু ভদ্ৰক হাস্পতালত উপস্থিত হৈছে । নিশাই হাস্পতালসমূহে তেজৰ প্ৰায় ৫০০ ইউনিট সংগ্ৰহ কৰিছে । বৰ্তমান হাস্পতালত তেজৰ ৯০০ ইউনিট মজুত আছে বুলিও প্ৰশাসনে উল্লেখ কৰিছে (500 Units blood collected overnight at Balasore)। বালাচোৰ আৰু ভদ্ৰক হাস্পতালত আহতসকলৰ বাবে ৰক্তদান কৰিবলৈ বিভিন্নজনে গোটেই নিশা শাৰী পাতি থকাও দেখা গৈছে ।

উল্লেখ্য যে বালাচোৰৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত এতিয়ালৈ ২৩৮ গৰাকী লোকৰ মৃত্যু হৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে (238 death in Odisha train accident)। ৰাজ্য চৰকাৰে জনোৱা মতে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে । এনডিআৰএফৰ ৭ টা দল, ওডিআৰএফৰ ৫ টা দল আৰু ২৪ টাকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । স্থানীয় আৰক্ষী, স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় নাগৰিকসকলেও উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে ।

দুৰ্ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দুৰ্ঘটনাটোৰ সময়ত তেওঁলোক ওচৰতে আছিল । তেওঁলোকে ৰে'লৰ পৰা প্ৰায় ২০০-৩০০ গৰাকী লোকক উদ্ধাৰ কৰিছে বুলিও লোকজনে অৱগত কৰে । জানিব পৰা মতে দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত প্ৰায় ২০০ এম্বুলেন্স উপস্থিত হয় । ৪৫ টাকৈ ভ্ৰাম্যমান স্বাস্থ্য শিবিৰৰ দলকো মোতায়েন কৰা হয় ।

ইয়াৰ উপৰিও, এছচিবিৰ ২৫ জনীয়া চিকিৎসকৰ এটা দলৰ সৈতে ৫০ গৰাকী অতিৰিক্ত চিকিৎসককো সাজু কৰি ৰখা হয় । স্বাস্থ্য সেৱাৰ সঞ্চালক, ব্লাড চেফটিৰ সঞ্চালক, অতিৰিক্ত ডিএমইটি আৰু আন তিনিগৰাকী অতিৰিক্ত সঞ্চালকো বালাচোৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিছে ।

ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই কোৱা মতে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হোৱা এটা ডবা এতিয়াও স্থানান্তৰৰ প্ৰক্ৰিয়া অব্যাহত আছে । ডবাটোত কোনো যাত্ৰী যদি আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰকাৰী দলে উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Odisha Train accident : NDRF আৰু প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

Last Updated : Jun 3, 2023, 12:34 PM IST

ABOUT THE AUTHOR

...view details