অসম

assam

ETV Bharat / bharat

Odisha Train Crash: ওড়িশা ট্ৰেজেডী; এতিয়াও চিনাক্ত হোৱা নাই 81 টা মৃতদহেৰ পৰিচয় - ওড়িশা ট্ৰেজেডী

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত নিহত হোৱা প্ৰায় অৰ্ধশতাধিক লোকৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই ৷ প্ৰিয়জনৰ মৃতদেহ বিচাৰি এতিয়া হাহাকাৰ কৰিছে আত্মীয়ই ৷

Odisha Train Crash
Odisha Train Crash

By

Published : Jun 28, 2023, 6:37 PM IST

নেশ্যনেল ডেস্ক, 28 জুন: ওড়িশাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ প্ৰায় এটা মাহ সম্পূৰ্ণ হ’ল ৷ প্ৰায় 300 লোকে প্ৰাণ লোকে হেৰুৱা এই দুৰ্ঘটনাৰ পাচত বিভীষিকাৰ যেন এতিয়াও অন্ত পৰা নাই ৷ কাৰণ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই 81 জন লোকৰ মৃতদেহ ৷ ফলত আপোনজনৰ মৃতদেহ বিচাৰি দুৰ্বিসহ দিন পাৰ কৰিব লগা হৈছে আত্মীয়ই ৷

উল্লেখ্য যে ওড়িশাৰ AIIMSত ৰাখি থোৱা হৈছে অচিনাক্ত মৃতদেহসমূহ ৷ DNA পৰীক্ষাৰ জৰিয়তে মৃতদেহসমূহ চিনাক্ত কৰা বাবে চেষ্টা কৰা হৈছে যদিও 81 জন লোকক চিনাক্ত কৰিব পৰা হোৱা নাই ৷ বহুলোকে নিজৰ আত্মীয়ৰ সন্ধান বিচাৰি বিগত এটা মাহে বাহৰ পাতি আছে AIIMSৰ সমীপৰ বিভিন্ন হোটেলত ৷ সকলোৰে মনত এটাই আশা যে মৃতদেহ চিনাক্ত কৰা হ’ব আৰু ঘৰলৈ নি ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰিব ৷

ইফালে বহু লোকে নিজৰ আত্মীয় বুলি আন লোকৰ মৃতদহে ঘৰলৈ নি সৎকাৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ জানিব পৰা মতে বিহাৰৰ এগৰাকী মহিলাৰ স্বামী দুৰ্ঘটনাত পতিত হোৱা ৰে’লখনেৰে চেন্নাইলৈ যাত্ৰা কৰিছিল ৷ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি ৰখা হৈছিল ওড়িশাৰ KIMS হাস্পতালত ৷ কিন্তু মহিলাগৰাকীৰ স্বামীৰ মৃতদেহ বিহাৰৰে আন এটা পৰিয়ালে ঘৰলৈ নি সৎকাৰ কৰে ৷ মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে মৃতদেহ চিনাক্ত কৰিব নোৱাৰা আত্মীয় অথবা পৰিয়ালৰ লোকসকলৰ মাজত ৷

তথ্য অনুসৰি ভুৱনেশ্বৰৰ AIIMSত তিনিটা পাত্ৰত সংৰক্ষিত 81 টা মৃতদেহৰ পৰিচয় এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ এতিয়ালৈকে 84 টা পৰিয়ালে তেওঁলোকৰ ডিএনএ (DNA)ৰ নমুনা প্ৰদান কৰিছে ৷

স্মৰ্তব্য যে 2 জুনত বালাছোৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত সংঘটিত শোকাৱহ দুৰ্ঘটনাটোত চেন্নাই অভিমুখী কৰোমণ্ডেল এক্সপ্ৰেছ, হাওৰা অভিমুখী এছএমভিপি-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত 290 জনৰো অধিক লোকৰ মৃত্যু হয় ৷

লগতে পঢ়ক:Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details