নেশ্যনেল ডেস্ক, 3 জুন : চাৰিওফালে আৰ্তনাদ ! ৰক্তাক্ত, ভাষাহীন ৰে’ল ট্ৰজেডি ! চৰিওফালে কান্দোনৰ ৰোল (Odisha train accident) ৷ NDRF, SDRF ৰ সহযোগত ৰে’ল বিভাগে শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ পিচত উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিছে আৰু পুনৰুদ্ধাৰৰ কাম আৰম্ভ হৈছে বুলি ৰে'ল মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে (Rescue operation complete in Odisha) ৷
ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই জনোৱা অনুসৰি এতিয়ালৈকে 48 খন ৰে'ল বাতিল কৰা হৈছে ৷ ইয়াৰে 39 খন ৰে'লৰ চলাচল কৰা পথ সলনি আৰু 10 খন ৰে’ল আংশিকভাৱে চলাচল বাতিল কৰা হৈছে । ইফালে ভাৰতীয় বায়ু সেনাই ৰে'ল দুৰ্ঘটনাত নিহত আৰু আহতসকলক স্থানান্তৰ কৰাৰ বাবে এমআই-17 (Mi-১৭) হেলিকপ্টাৰ ব্যৱহাৰ কৰা বুলি ইষ্টাৰ্ণ কমাণ্ডে জানিবলৈ দিছে ।
ভাৰতীয় বায়ুসেনাই স্থানীয় প্ৰশাসন আৰু ৰে’লৱে কৰ্তৃপক্ষৰ সহযোগত উদ্ধাৰ অভিযান স্থানান্তৰ কৰিছে বুলিও ব্যক্ত কৰে ইষ্টাৰ্ণ কমাণ্ডাৰজনে ৷ দুৰ্ঘটনা পাচত আৱদ্ধ যাত্ৰীসকলক খড়গপুৰ ষ্টেচনত যাত্ৰীসকলক পানী, চাহ আৰু খাদ্যৰ পেকেট প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে ৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO) তৰফৰ জানিবলৈ দিয়া অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ৰে'ল দুৰ্ঘটনাৰ সন্দৰ্ভত আজি পৰ্যালোচনা কৰিবলৈ এখন বিশেষ বৈঠকৰ আহ্বান কৰিছে ৷ এই দুৰ্ঘটনাত পাচতে ৰে'ল মন্ত্ৰালয়ে শনিবাৰে ৰাইজৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে ।
লগতে পঢ়ক :Odisha Train Accident : মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি অহা যাত্ৰীয়ে বৰ্ণনা কৰিলে ৰে’ল দুৰ্ঘটনাৰ সবিশেষ
হাওৰা, খড়গপুৰ, বালাচোৰ, চালিমাৰ, ভদ্ৰক, কটক, ভুৱনেশ্বৰ আৰু খুৰ্দা ৰোডৰ লোকসকলৰ বাবে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ ।
হেল্পলাইন নম্বৰ কেইটা হ’ল-
হাওৰা - 033-26382217,