নিউজ ডেস্ক, 18 জুন:ওড়িশা শোকাৱহ তথা ভয়াৱহ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 292 গৰাকীলৈ ৷ দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এগৰাকী আঘাতপ্ৰাপ্ত ৰে’ল যাত্ৰীৰ ৷ মৃত লোকজন পল্টু নাস্কাৰ (26) বুলি জানিব পৰা গৈছে ৷ কলিকতাৰ নিবাসী পল্টু নাস্কাৰ চিকিৎসাধীন হৈ আছিল ওড়িশাৰ SCB চিকিৎসা মহাবিদ্যালয়ত ৷
তথ্য অনুসৰি বৰ্তমানলৈকে SCB চিকিৎসা মহাবিদ্যালয়ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা চাৰিগৰাকী লোকৰ মৃত্যু হৈছে ৷ কিছুদিন পূৰ্বলৈকে চৰকাৰী তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা আছিল 288 জন ৷ কিন্তু এতিয়া সেই সংখ্যা হ’লগৈ 292 ৷
উল্লেখ্য যে, ওড়িশাৰ বালাছোৰত 2 জনু সংঘটিত হৈছিল সেই ভয়াৱহ ৰে’ল দুৰ্ঘটনা ৷ চেন্নাই অভিমুখী কোৰোমণ্ডল এক্সপ্ৰেছ, হাওৰা অভিমুখী শালিমাৰ এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত হৈছিল সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত ঘটনাস্থলীতে শতাধিক লোক নিহত হোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হৈছিল 3 শতাধিক লোক ৷ সেই দুৰ্ঘটনাৰ ট্ৰেজেডি এতিয়াও মাৰ যোৱা নাই ৷