নেশ্যনেল ডেস্ক,৪ জুন :ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ইতিমধ্যে ২৮৮ অতিক্ৰম কৰিছে (Death toll rises in train accident)। তাৰ ভিতৰত আছে প্ৰায় ১৬০ টা অচিনাক্ত মৃতদেহ । ভুৱনেশ্বৰৰ ডিচিপি প্ৰতীক গীতা সিঙে জনোৱা মতে অচিনাক্ত মৃতদেহৰ ভিতৰত ১০০ টা এইমছ ভুৱনেশ্বৰত ৰখা হ'ব । বাকী অচিনাক্ত মৃতদেহবোৰ ভুৱনেশ্বৰৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হ'ব ।
ডিচিপিয়ে জনোৱা মতে মৃত্যু হোৱা ২৮৮ গৰাকী যাত্ৰীৰ ভিতৰত, এতিয়ালৈকে ১৬০ টা মৃতদেহ এতিয়ালৈ চিনাক্ত হোৱা নাই (Unidentified bodies of passengers in Odisha)। যিবোৰ মৃতদেহ চিনাক্ত হৈছে সেইবোৰ নিজ নিজ ঠিকনালৈ প্ৰেৰণ কৰা হৈছে । যিহেতু বালাছোৰত কোনো মৰ্গৰ সুবিধা নাই সেয়েহে ভুৱনেশ্বৰৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ১৬০ টা মৃতদেহ ৰখা হ'ব ।
তাৰ পৰা সৰ্বাধিক ১০০ টা মৃতদেহ এইমছ ভুৱনেশ্বৰত ৰখা হ'ব (100 bodies will be kept at AIIMS Bhubaneshwar)। কটকৰ ডিচিপি সিঙে জনোৱা মতে বাকী মৃতদেহ কেআইএমএছ, এছইউএম, হাইটেক, কেপিটেল হস্পিটেল আৰু এছচিবি চিকিৎসা মহাবিদ্যালয়ত ৰখা হ'ব ।