নিউজ ডেস্ক, 4 জুন: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্যৰে ভুৱা বাৰ্তা বিয়পোৱা ব্যক্তিসকলক সকীয়নি প্ৰদান কৰিছে আৰক্ষীয়ে (Odisha train accident) ৷ ওড়িশা আৰক্ষীৰ টুইটাৰ হেণ্ডেলত এই ঘৃণনীয় কাৰ্যৰ আঁৰত থকা ব্যক্তিসকললৈ সতৰ্কবাণীসহ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল যদিও আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়াও কাকো চিনাক্ত কৰিব পৰা নাই ৷
আৰক্ষীৰ টুইটাৰ বাৰ্তাটোত কোৱা হৈছে, "আমি সংশ্লিষ্ট সকলোকে এনে মিছা আৰু উদ্দেশ্যপ্ৰণোদিত পোষ্ট প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো ৷ যিসকলে উৰাবাতৰি বিয়পাই সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠিন আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব" (Police warn online hatemongering) ৷
টুইটাৰ বাৰ্তাটোত আৰু লিখা হৈছে যে, "কিছুমান ছ'চিয়েল মিডিয়া হেণ্ডেলে বালাচোৰত সংঘটিত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাটোক সাম্প্ৰদায়িক ৰং দিয়া পৰিলক্ষিত হৈছে ৷ এইটো অতি দুৰ্ভাগ্যজনক ।" টুইটাৰ বাৰ্তাটোত লগতে কোৱা হৈছে যে দুৰ্ঘটনাটোৰ কাৰণ আৰু আন সকলো দিশৰ ওপৰত জি আৰ পি, ওড়িশাৰ তদন্ত চলি আছে (Odisha Police warn online hatemongering) ৷