নেচনেল ডেস্ক, 12 মাৰ্চ :লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি ঘটিল ওড়িশাত (repeat of Lakhimpur Kheri incident in Odisha) । কেইমাহমান আগতে উত্তৰ প্ৰদেশৰ লখিমপুৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই কৃষকসকলৰ ওপৰত এখন গাড়ী চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ অনুৰূপ ধৰণে এইবাৰ ওড়িশাৰ বিধায়ক প্ৰশান্ত জগদেৱে ভিৰৰ মাজত তেওঁৰ বাহন চলাই নিয়াৰ ফলত বহু লোক আহত হৈছে (Odisha MLA rammed his vehicle into crowd) ।
এই ঘটনাটোত ক্ৰোধিত হৈ বিজেডিৰ পৰা নিলম্বিত বিধায়কগৰাকীক পঞ্চায়ত সমিতিৰ অধ্যক্ষ নিৰ্বাচনৰ সময়ত খুৰ্দা জিলাৰ বনপুৰ খণ্ড কাৰ্যালয়ৰ সন্মুখত এদল লোকে নিৰ্মমভাৱে আক্ৰমণ কৰে (MLA Prashant Jagdev thrashed by irate locals) । জনতাৰ এই আক্ৰমণত তেওঁৰ বাহনখনো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় ।
উল্লেখযোগ্য যে, তেওঁৰ বাহনৰ খুন্দাত আৰু পৰৱৰ্তী সময়ত ইয়াকলৈ হোৱা সংঘৰ্ষত দুজন সাংবাদিক আৰু ৭ জন আৰক্ষীসহ ২০ জনৰো অধিক লোক আহত হৈছে । ৰাইজে অভিযোগ কৰিছে যে, ঘটনাৰ সময়ত বিধায়কগৰাকী নিচাসক্ত অৱস্থাত আছিল ।প্ৰতিবেদন অনুসৰি, জগদেৱ অধ্যক্ষ নিৰ্বাচনৰ বাবে বনপুৰ ব্লকলৈ গৈ আছিল ।