নেশ্যনেল ডেস্ক, 30 জানুৱাৰী:সোমবাৰে সম্পন্ন হ’ল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য (Odisha health minister funeral) ৷ দেওবাৰে এখন ৰাজহুৱা সভাৰ নিৰাপত্তৰ দ্বায়িত্বত থকা এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ গুলীতেই নিহত হৈছিল ওডিশাৰ স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, উপ-পৰিদৰ্শকগৰাকীৰ গুলীয়ে ভেদি গৈছিল নৱ দাসৰ বুকু ৷ ঘটনাৰ পিচতেই আটক কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক ৷
ইফালে, এই হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা আৰক্ষী উপ-পৰিদৰ্শক গোপাল কৃষ্ণ দাসক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷ এই কথা সদৰী কৰিছে ঝাৰছুগোড়াৰ অধীক্ষক ৰাহুল জৈনে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাতেই আছে হত্যাকাৰী গোপাল কৃষ্ণ দাস (Odisha minister shot by police officer) ৷ আদালতলৈ নিয়াৰ পিচতেই পুনৰ আৰক্ষীয়ে জিম্মাত ল’ব গোপাল কৃষ্ণ দাসক ৷ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ হত্যাকাণ্ডৰ সমগ্ৰ তদন্ত অব্যাহত ৰাখিছে অপৰাধ শাখাই (Odisha health minister murder) ৷
উল্লেখ্য যে, দেওবাৰে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই স্বাস্থ্যমন্ত্ৰী নৱ দাসলৈ (Odisha health minister Naba Das) লক্ষ্য কৰি গুলীচালনা কৰিছিল উপ-পৰিদৰ্শক গোপাল কৃষ্ণ দাসে ৷ দিনৰ প্ৰায় 12.30 বজাত সংঘটিত হৈছিল এই ঘটনা ৷ গুলীবিদ্ধ নৱ দাসক তাতলিকে ভৰ্তি কৰোৱা হৈছিল এপল’ হাস্পতালত ৷ কিন্তু সন্ধিয়া মৃত্যুক সাৱটি লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ওডিশাতে পৰিছে শোকৰ ছাঁ ৷