অসম

assam

ETV Bharat / bharat

উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ৰোগী - উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’না ৰোগী

উৰিষ্যাৰ 24 খন জিলাৰ পৰা মুঠ 87 গৰাকী নতুন covid 19 ৰোগী চিনাক্ত কৰা হৈছে ৷ যাৰ ফলত উৰিষ্যাত কৰ’ণা ৰোগীৰ সংখ্যাই 3,37,191 ঘৰ চুইছেগৈ ৷

উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’না ৰোগী
উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’না ৰোগী

By

Published : Mar 1, 2021, 11:04 AM IST

নেশ্যনেল ডেস্ক,1 মাৰ্চ: উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ উৰিষ্যাৰ বীৰ সুৰেন্দ্ৰ সাই প্ৰযুক্তি বিশ্ববিদ্যালয় (VSSUT)ৰ 24 জন শিক্ষাৰ্থীৰ দেহত মহামাৰী কৰ’ণাৰ উপস্থিতি ধৰা পৰাৰ পাছত চম্বলপুৰ জিলা প্ৰশাসনে কৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 11 টা আৱাসীক এলেকাক মাইক্ৰ' কণ্টেইনমেণ্ট জ’ন আৰু কাষৰ কিছু অঞ্চলক বাফাৰ জ’ন ঘোষণা কৰে ।

উৰিষ্যাৰ 24 খন জিলাৰ পৰা মুঠ 87 গৰাকী নতুন covid 19 ৰোগী চিনাক্ত কৰা হৈছে ৷ যাৰ ফলত উৰিষ্যাত কৰ’ণা ৰোগীৰ সংখ্যাই 3,37,191 ঘৰ চুইছেগৈ ৷ প্ৰাপ্ত তথ্য অনুসৰি covid 19 ত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৩৪,৫৭১ অতিক্ৰম কৰাৰ দিশে ধাৱমান হৈছে ৷

উল্লেখ্য যে, কণ্টেইনমেণ্ট বা বাফাৰ জ’নৰ স্কুল-কলেজৰ পৰা আদি কৰি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে ৷ বৰ্তমান উৰিষ্যাত 651 গৰাকী ৰোগীৰ দেহত সক্ৰিয় হৈ আছে কৰ’ণাৰ উপস্থিতি ৷

শনিবাৰে উৰিষ্যাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সদৰী কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে মুঠ 83.21 লাখতকৈও অধিক covid 19 ৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়কঃদুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰিয়ংকা গান্ধী

ABOUT THE AUTHOR

...view details