অসম

assam

ETV Bharat / bharat

নৱদম্পতীলৈ কণ্ডমসহ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰৰ টোপোলা - নৱদম্পতীলৈ কণ্ডমসহ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ

ৰাজ্য চৰকাৰে নৱদম্পতীসকলৰ সুবিধাৰ্থে এক উপহাৰৰ কিট প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Odisha Govt To Distribute Condom)৷ কি কি থাকিব এই উপহাৰ কিটত???

Odisha govt to gift wedding kits with condoms to newlywed couples
নৱদম্পতীলৈ কণ্ডমসহ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ কিট

By

Published : Aug 13, 2022, 7:59 PM IST

নেশ্যনেল ডেস্ক, 13 আগষ্ট: আপুনি বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে তেন্তে আছে এক সুখবৰ ৷ ৰাজ্য চৰকাৰে নৱদম্পতীসকলৰ সুবিধাৰ্থে এক উপহাৰৰ কিট প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পিছে এই ঘোষণা কৰিছে উৰিষ্যা চৰকাৰে (Odisha Govt To Distribute Condom to Newly wed Couples)৷

শুকুৰবাৰে উৰিষ্যা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা মিছনৰ অধীনত মিছন পৰিয়াল বিকাশৰ এক অংশস্বৰূপে নৱপ্ৰজন্মৰ মাজত পৰিয়াল নিয়ন্ত্ৰণৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ এই পদক্ষেপ হাতত লৈছে (Odisha govt to gift wedding kits)৷ এই বিশেষ উপহাৰ কিটটোৰ নাম হৈছে "নই পহল কিট" (Nayi Pahal Kit) বা নৱদম্পতী (Nabadampati)৷

এই উপহাৰৰ কিটটোত সন্নিৱিষ্ট হ’ব দুখনকৈ টাৱেল, কণ্ডম, গৰ্ভনিৰোধক টেবলেট, পৰিয়াল কল্যাণ পুস্তিকা, নেইল কাটাৰ, ফনি, ৰুমাল, আইনা, পানী, গৰ্ভধাৰণ পৰীক্ষাৰ কিট, জৰুৰীকালীন গৰ্ভনিৰোধক টেবলেট আৰু বিবাহ পঞ্জীয়ন প্ৰপত্ৰ এখন ৷

উৰিষ্যাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক বিজয় পানীগ্ৰাহীয়ে (Director of health and family welfare Odisha) এই কথা নিশ্চিত কৰি কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনত পৰিয়াল পৰিকল্পনা কাৰ্যসূচী শক্তিশালী কৰাত সহায় কৰিবলৈ এই কিটটো প্ৰদান কৰিব ৷ নৱদম্পতীৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিবাহ উপহাৰ আঁচনি আৰম্ভ কৰা হৈছে । প্ৰথম সন্তান আৰু দ্বিতীয় সন্তানৰ বাবে পলমকৈ নৱদম্পতিৰ কমেও 2 বছৰৰ ব্যৱধান থাকিব লাগে । এই কথা মনত ৰাখি এই আঁচনিখন নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে ৰূপায়ণ কৰা হ'ব ।

উৰিষ্যা হৈছে দেশৰ প্ৰথমখন ৰাজ্য যিয়ে নৱবিবাহিত দম্পতীৰ বাবে বিবাহ উপহাৰ আঁচনি প্ৰৱৰ্তন কৰিছে ৷ নৱদম্পতীৰ বাবে আঁচনিখন এই বছৰৰ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব ৷

লগতে পঢ়ক:Maitri Setu Bridge: ডিচেম্বৰৰ ভিতৰত ভাৰত-বাংলা মৈত্ৰী সেতু কাৰ্যকৰী হ'ব

ABOUT THE AUTHOR

...view details