নেচনেল ডেস্ক,4 মে’: কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে ওড়িশা চৰকাৰে ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মঙলবাৰে ওড়িশা চৰকাৰে কৰা এক ঘোষণা অনুসৰি কাইলৈ অৰ্থাৎ 5 মে’ৰ পৰা 31 মে’লৈকে ৰাজ্যখনৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত আৰম্ভ হ’ব গ্ৰীষ্ম বন্ধ ৷ চৰকাৰৰ এই নিৰ্দেশনাত উল্লেখ কৰা মতে গ্ৰীষ্ম বন্ধৰ উক্ত সময়ছোৱাত কোনো ধৰণৰ অনলাইন পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব ৷
উচ্চ শিক্ষাৰ প্ৰধান সচিব চাছৱাত মিশ্ৰাই ৰাজ্যৰ সকলো ৰাজহুৱা বিশ্ববিদ্য়ালয় আৰু সকলো চৰকাৰী তথা বেচৰকাৰী কলেজৰ অধ্যক্ষলৈ পত্ৰ লিখি জাৰি কৰিছে এই নিৰ্দেশনা ৷