নেশ্যনেল ডেস্ক,26 এপ্ৰিল: দেওবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলোৰে বাবে বিনামূলীয়া ক’ভিড টীকাকৰণৰ ঘোষণা কৰে ৷ ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যবাসীক সম্বোধন কৰি কয় যে, 18-44 বছৰ বয়সৰ লোকসকলৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যয় বহন কৰিবলৈ ৰাজকোষৰ পৰা 2000 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে ।
প্ৰত্যেকৰে জীৱন মূল্যবান বুলি কৈ সকলোকে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি প্ৰতিষেধক ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী পাটনায়কে ৷ লগতে সকলোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিবলৈ ভাষণযোগে অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷