অসম

assam

By

Published : Mar 10, 2021, 6:46 PM IST

ETV Bharat / bharat

উৰিষ্যাত ভয়ংকৰ বনজুই

উৰিষ্যাৰ বনজুই নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব বিশেষজ্ঞ দল । ৰাজ্যখনৰ ভয়ংকৰ বনজুইৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি কেন্দ্ৰীয় বনমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল উৰিষ্যা চৰকাৰে ।

উৰিষ্যাত ভয়ংকৰ বনজুই,কেন্দ্ৰই বিশেষজ্ঞ দল প্ৰেৰণ কৰিব ৰাজ্যখনলৈ
উৰিষ্যাত ভয়ংকৰ বনজুই,কেন্দ্ৰই বিশেষজ্ঞ দল প্ৰেৰণ কৰিব ৰাজ্যখনলৈ

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: শেহতীয়াকৈ উৰিষ্যাৰ বনজুইৰ ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে । উৰিষ্যাৰ ৰাইজ লগতে ৰাজ্য চৰকাৰো শংকিত হৈ পৰিছে এই বনজুইৰ ঘটনাক লৈ । ৰাজ্য চৰকাৰে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও জুই নিয়ন্ত্ৰণত সমৰ্থ হোৱা নাই ৷ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি ইতিমধ্যে ৰাজ্য চৰকাৰে আবেদন জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু উৰিষ্যাৰ বিজেপি সাংসদৰ এটা দলে কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰক সাক্ষাৎ কৰি এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰিছে । স্মাৰক পত্ৰৰ জৰিয়তে চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজ্যৰ অন্যান্য অৰণ্যত জুই নিয়ন্ত্ৰণত মন্ত্ৰীগৰাকীৰ ব্যক্তিগত হস্তক্ষেপ বিচাৰিছে সাংসদসকলে ।

উৰিষ্যাত ভয়ংকৰ বনজুই,কেন্দ্ৰই বিশেষজ্ঞ দল প্ৰেৰণ কৰিব ৰাজ্যখনলৈ

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ ঘোষণা অতি শীঘ্ৰে ৰাজ্যখনলৈ জুই নিয়ন্ত্ৰণ ব্যৱস্থা পৰ্যবেক্ষণৰ বাবে এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰা হ'ব । টুইটযোগে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে পূৰ্বতে জুই নিয়ন্ত্ৰণত জড়িত দলৰ সৈতে জুই নিৰ্বাপণৰ বাবে কাম কৰিব বিশেষজ্ঞৰ দলটোৱে ।

লগতে পঢ়ক:বাংলাদেশলৈ হস্তান্তৰ ভাৰতত আটক হোৱা দুই বাংলাদেশী

ABOUT THE AUTHOR

...view details