অসম

assam

মুখ্যমন্ত্ৰী নবীন পাটনায়কক জীৱনজোৰা কৃতিত্ব বঁটা

By

Published : Sep 4, 2022, 3:51 PM IST

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কk প্ৰদান কৰা হৈছে কেপিটেল ফাউণ্ডেচন ছ'চাইটিৰ জীৱনজোৰা কৃতিত্ব বঁটা(lifetime achievement award to Naveen Patnaik)। নতুন দিল্লীত এক অনুষ্ঠানত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই বঁটা প্ৰদান কৰে ।

lifetime achievement award to  Naveen Patnaik
মুখ্যমন্ত্ৰী নবীন নায়কক জীৱনজোৰা কৃতিত্ব বঁটা

নেশ্য়নেল ডেস্ক, ৪ছেপ্টেম্বৰ:ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক(Chief Minister Naveen Patnaik)দেওবাৰে কেপিটেল ফাউণ্ডেচন ছ'চাইটিয়ে(Capital Foundation Society)তেওঁৰ স্বকীয় আৰু উৎকৃষ্ট নেতৃত্বৰ গুণাগুণৰ স্বীকৃতি স্বৰূপে সন্মানীয় জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰে(lifetime achievement award to Naveen Patnaik)। নতুন দিল্লীত ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰ প্ৰেক্ষাগৃহত(India International Centre Auditorium)আয়োজিত এক অনুষ্ঠানত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই বঁটা প্ৰদান কৰে ।

এই সন্দৰ্ভত কেপিটেল ফাউণ্ডেচন ছ'চাইটিয়ে কয় যে নবীন পাটনায়কৰ নেতৃত্বত ওড়িশাৰ পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ হৈছে আৰু পৰৱৰ্তী দুটা দশকত ৰাজ্যখনে প্ৰতিটো খণ্ডত দ্ৰুত গতিত আগবাঢ়িছে । তেওঁৰ সৰলতা,দয়ালু হৃদয় আৰু অনবদ্য সততাৰ বাবে ওড়িশাৰ জনসাধাৰণৰ হৃদয়ৰ গৰাকী হৈছে । নবীন পাটনায়কে চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । তেওঁ এগৰাকী লেখকৰ উপৰি বিজু জনতা দলৰ সভাপতি(president of Biju Janata Dal)।

মুখ্যমন্ত্ৰী নবীন নায়কক জীৱনজোৰা কৃতিত্ব বঁটা

বিজু জনতা দলৰ (Biju Janata Dal)নেতা তথা তেওঁৰ পিতৃ বিজু পাটনায়কৰ মৃত্যুৰ পিছত ওড়িশাৰ আস্কা সংসদীয় সমষ্টিৰ(Aska Parliamentary constituency of Odisha)পৰা উপ-নিৰ্বাচনত তেওঁ একাদশ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় । তেওঁ ইস্পাত আৰু খনি মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য,বাণিজ্যৰ স্থায়ী সমিতিৰ সদস্য(Member of Standing Committee on Commerce) আৰু সংসদৰ সদস্য পুথিভঁৰাল সমিতিৰ সদস্য আছিল । ১৯৯৭ চনত জনতা দল বিভাজিত হোৱাত নবীন পাটনায়কে বিজু জনতা দল প্ৰতিষ্ঠা কৰে । বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ(National Democratic Alliance)সৈতে মিত্ৰতা কৰাৰ পিছত পাটনায়কক বাজপেয়ীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় খনি মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ।

উল্লেখ্য় যে কেপিটেল ফাউণ্ডেচনে ড৹ এ পি জে আব্দুল কালাম(Dr APJAbdul Kalam),অৰুণ জেটলী(Arun Jaitley Award)আৰু মুখ্য ন্যায়াধীশ জেএছ বাৰ্মাৰ (Chief Justice JS Verma Award)নামত বঁটা প্ৰৱৰ্তন কৰিছে । এই বঁটা প্ৰাপকসকল হৈছে ড৹ৰামচন্দ্ৰ ৰাও(Dr Ramchandra Rao),গণেশ চান্দ্ৰু(Ganesh Chandru)আৰু ন্যায়াধীশ মদন বি লোকুৰ(Justice Madan B Lokur)।

লগতে পঢ়ক:২০২৪ ৰ নিৰ্বাচনত বিজেপিয়ে ৫০ তকৈ বেছি আসন নাপায় : নীতিশ কুমাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details