অসম

assam

ETV Bharat / bharat

উৰিষ্যাৰ প্ৰতিষ্ঠা দিৱস পালন

উৰিষ্যাৰ লোকসকলে ৰাজ্যখনৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস 86 তম উৎকল দিৱস উদযাপন কৰে ।

Odisha celebrates state formation day
বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন উৰিষ্যাৰ

By

Published : Apr 1, 2021, 4:16 PM IST

ভূৱনেশ্বৰ,1 এপ্ৰিল: ক’ভিড-19 ৰ আতংকৰ মাজতে উৰিষ্যাৰ লোকসকলে ৰাজ্যখনৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস 86 তম উৎকল দিৱস উদযাপন কৰে । এই বিশেষ দিনটোত উৰিষ্যাৰ লোকসকলে ৰাজ্য গঠনৰ আন্দোলনৰ নেতাসকলে কৰা ত্যাগক স্মৰণ কৰে । 1936 চনৰ 1 এপ্ৰিলত সংযুক্ত বংগ-বিহাৰ-উৰিষ্যাৰ পৰা পৃথক হৈছিল উৰিষ্যা ।

সেই সময়ত মাদ্ৰাজ প্ৰেচিডেঞ্চিৰ কিছু অংশ ৰাজ্যখনৰ সৈতে সংলগ্ন আছিল । বৰ্তমানৰ ৰাজ্যৰ কেন্দ্ৰীয় অঞ্চলত বাস কৰা ওদ্ৰা বা উদ্ৰা জনজাতিৰ পৰা উৰিষ্যাই লাভ কৰিছিল নিজৰ নাম ৷ এক গৌৰৱময় সাংস্কৃতিক আৰু ঐতিহাসিক প্ৰাসংগিকতা সদায়ে আছে উৰিষ্যাৰ ৷ ঐতিহাসিকভাৱে কলিংগ, উকাল, উদ্ৰা, তোশালি আৰু কৌশল আদি বিভিন্ন নামৰ দ্বাৰা জনা ৰাজ্যখনৰ ভাৰতৰ ইতিহাসতো আছে এক বিশেষ স্থান ।

লগতে পঢ়ক: ছুপাৰষ্টাৰ ৰজনীকান্তলৈ 'দাদা চাহেব ফাল্কে বঁটা'

ABOUT THE AUTHOR

...view details