অসম

assam

By

Published : Apr 6, 2021, 9:26 PM IST

ETV Bharat / bharat

ছত্তিশগড়ৰ মাওবাদী আক্ৰমণত শ্বহীদ ওড়িশাৰ সুবাস নায়ক

ছত্তিশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত শ্বহীদ হয় ওড়িশাৰ জোৱান সুবাস নায়ক ৷ শ্বহীদ সুবাস নায়কৰ ঘৰ ওড়িশাৰ কালাহাণ্ডি জিলাৰ ক‘কচাৰাত ৷

Odia Jawan Among 22 Massacred In Chhattisgarhs Maoist Ambush
ছত্তিশগড়ৰ মাওবাদী আক্ৰমণত শ্বহীদ ওড়িশাৰ সুবাস নায়ক

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : ছত্তিশগড়ৰ বিজাপুৰ জিলাত শনিবাৰে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষৰ ৷ উক্ত ভয়ংকৰ আক্ৰমণত নিহত হৈছিল 22 জনকৈ সুৰক্ষা বাহিনীৰ লোক ৷

উক্ত আক্ৰমণৰ ঘটনাত ওড়িশাৰ সুবাস নায়ক নামৰ এগৰাকী ডিআৰজিৰ জোৱান শ্বহীদ হয় ৷ শ্বহীদ সুবাস নায়কৰ ঘৰ ওড়িশাৰ কালাহাণ্ডি জিলাৰ ক‘কচাৰাত ৷ এতিয়া শ্বহীদগৰাকীৰ নশ্বৰ দেহ কালাহাণ্ডিৰ বাচাগোড়া গাঁৱলৈ অনাৰ পাছত বীৰ জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অপেক্ষা কৰিছে পৰিয়াল তথা গাঁৱবাসীয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বীৰ জোৱানজনে বাচাগোড়া গ্ৰাম্য বজাৰত হোৱা নক্সালবাদীৰ আক্ৰমণৰ সময়ত সাহসিকতাৰে যুঁজ দি নিজৰ সতীৰ্থ জোৱানসকলক ৰক্ষা কৰে ৷ উক্ত সংঘৰ্ষত বীৰ জোৱান গৰাকীয়ে এটা নক্সালবাদীক গুলীয়াই হত্যা কৰিছিল ৷

লগতে পঢ়ক: ছত্তিশগড়ৰ সংঘৰ্ষত ২১ গৰাকী জোৱান সন্ধানহীন:মুখ্যমন্ত্ৰী বাঘেল

ABOUT THE AUTHOR

...view details