অসম

assam

ETV Bharat / bharat

First Victim of H3N2 : কৰ্ণাটকত মৃত্যু দেশৰ প্ৰথমগৰাকী H3N2 আক্ৰান্তৰ - Union Health Ministry issued a notice on H3N2

কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই শুকুৰবাৰে প্ৰকাশ কৰে যে ৮৫ বছৰীয়া হীৰে গৌড়া নামৰ লোকজনৰ ১ মাৰ্চত H3N2 ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় (first victim of H3N2 in Karnataka) । কেন্দ্ৰীয় চৰকাৰে ইয়াৰ নিৰ্দেশনাৱলীত প্ৰতি সপ্তাহত ২৫ টা পৰীক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু বিভাগটোৱে ভিক্টোৰিয়া আৰু বাণী বিলাস চিকিৎসালয়ত ২৫ টা ঘটনা পৰীক্ষা কৰি আছে, যাতে ইয়াৰ প্ৰকাৰবোৰৰ বিষয়ে তথ্য লাভ কৰিব পৰা যায় ।

H3N2
H3N2

By

Published : Mar 10, 2023, 5:19 PM IST

নিউজ ডেস্ক, ১০ মাৰ্চ :কৰ্ণাটকৰ হাছানৰ এগৰাকী অশীতিপৰ ব্যক্তি H3N2 ইনফ্লুৱেঞ্জা সংক্ৰমণত (H3N2 influenza infection) মৃত্যু হোৱা ভাৰতৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে (First person in India to die from H3N2) । স্বাস্থ্য বিভাগৰ আয়ুক্ত ডি ৰণদীপে এই কথা জনাইছে । হীৰে গৌড়া বুলি চিনাক্ত কৰা ভুক্তভোগীজনক ২৪ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ১ মাৰ্চত মৃত্যু হয় । মৃত্যুৰ পিছত তেওঁৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । 6 মাৰ্চত এই নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ বুলি প্ৰকাশ পায় (First victim of H3N2 in Karnataka) ।

বিষয়াসকলে লগতে জনাইছে যে মৃতকৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে অন্তৰ্নিহিত উপসৰ্গ আছিল । ব্যক্তিজনৰ মৃত্যুৰ পিছত স্বাস্থ্য বিভাগে 60 বছৰৰ অধিক বয়সৰ লোকসকলক নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লয় । আয়ুক্তজনে চিকিৎসকৰ পৰা বৃদ্ধজনৰ মৃত্যুৰ সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে আৰু লক্ষণৰ ক্ষেত্ৰত নিজাববীয়াকৈ ঔষধ প্ৰদান নকৰিবলৈ পৰামৰ্শ দিছে । লগতে তেওঁ লোকসকলক লক্ষণ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ ল'বলৈও আহ্বান জনাইছে ।

আনহাতে, কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী ডাঃ কে সুধাকৰে (Karnataka Health Minister Dr K Sudhakar) নতুন H3N2 ভাইৰাছ চিনাক্তকৰণ সন্দৰ্ভত বিশেষজ্ঞসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় । বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে উক্ত বৈঠকত অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভাইৰাছটোৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ সকলো ৰাজ্যকে জাননী জাৰি কৰাৰ পিছত এই বৈঠকখন অনুষ্ঠিত হয় (Union Health Ministry issued a notice on H3N2) ।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে H3N2 ভাইৰাছ বিপজ্জনক নহয়, কিন্তু সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় । লগতে তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ইয়াৰ বাবে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । কিন্তু ভাইৰাছটো নিয়ন্ত্ৰণ কৰিবলৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, H3N2-ৰ সংক্ৰমণ বেছিভাগ গাহৰিৰ সংস্পৰ্শৰ সৈতে সম্পৰ্কিত । অতীজতো এই ভাইৰাছৰ সীমিত পৰিমাণে মানুহৰ পৰা মানুহলৈ বিস্তাৰ ধৰা পৰিছে । কিন্তু এই সময়ত H3N2-ৰ কোনো স্থিৰ বা সামূহিক সংক্ৰমণ চিনাক্ত কৰা হোৱা নাই ।

কৰ্ণাটকত ইতিমধ্যে H3N2 ইনফ্লুৱেঞ্জা সংক্ৰমণৰ ৫০-ৰো অধিক ঘটনা সংঘটিত হৈছে (Karnataka reported 50 cases of H3N2) । ৰাজ্য চৰকাৰে মানুহক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা অনুসৰণ কৰিবলৈ আহ্বান জনাইছে । স্বাস্থ্য বিভাগে লোকসকলক সঠিক পৰিচ্ছন্নতা বজাই ৰাখিবলৈ, নিয়মীয়াকৈ হাত ধুবলৈ আৰু ৰাজহুৱা স্থানত মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিছে ।

উল্লেখ্য, কৰ্ণাটকত H3N2 ইনফ্লুৱেঞ্জা সংক্ৰমণৰ ফলত এজন ৮৫ বছৰীয়া বৃদ্ধৰ মৃত্যুৱে ৰাজ্যিক কৰ্তৃপক্ষৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে । স্বাস্থ্য বিভাগে পৰিস্থিতিটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ সৰ্বসাধাৰণক সাৱধানতামূলক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে । চৰকাৰে H3N2 ইনফ্লুৱেঞ্জাৰ ফলত আৰু যিকোনো হতাহত প্ৰতিহত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক :ED to seek Manish custody : এইবাৰ মণীষ ছিছোডিয়াৰ জিম্মা বিচাৰিছে ইডিয়ে

ABOUT THE AUTHOR

...view details