অসম

assam

ETV Bharat / bharat

মিজোৰামত ক’ভিড চেণ্টাৰত স্বেচ্ছামূলক সেৱা নাৰ্চিঙৰ ছাত্ৰীৰ

মিজোৰামৰ একমাত্ৰ ক’ভিড চিকিৎসালয় ফালকাৱনৰ জোৰাম চিকিৎসা মহাবিদ্যালয়ত স্বেচ্ছাসেৱী হিচাপে কাম কৰে জেমিমা এইচ লাল্লাৱমজুয়ালী নামৰ এগৰাকী নাৰ্চিং ছাত্ৰীয়ে ৷ আনহাতে, এষ্টাৰ লালৰাৱংবাৱলী নামৰ আন এগৰাকী নাৰ্চ কৰ্মচাৰীয়েও মামিত জিলাৰ ক’ভিড কেয়াৰ চেণ্টাৰত স্বেচ্ছাসেৱী হিচাপে কাম কৰা বুলি জানিব পৰা গৈছে ৷

Nursing students have volunteered to help medical staffs
ক’ভিড চেণ্টাৰত স্বেচ্ছাই কাম কৰিছে নাৰ্চিং ছাত্ৰীয়ে

By

Published : May 18, 2021, 11:05 AM IST

আইজল,18 মে’:দেশৰ অন্য প্ৰান্তৰ লেখীয়াকৈ মিজোৰামতো ক’ভিডৰ দ্বিতীয় ঢৌ বৃদ্ধি হোৱাৰ লগে লগে চিকিৎসালয়ৰ কৰ্মচাৰী, চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলক এক সীমাৰ ভিতৰত থাকি সেৱা আগবঢ়াবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে ৷ বহুতো নাৰ্চিং শিক্ষাৰ্থীয়ে চিকিৎসা কৰ্মচাৰীসকলক সহায় কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷

জেমিমা এইচ লাল্লাৱমজুয়ালী নামৰ এগৰাকী নাৰ্চিং ছাত্ৰীয়ে বিগত এপ্ৰিল মাহত নিজ ঘৰৰ পৰা প্ৰতিষ্ঠানলৈ ঘূৰি আহিব নোৱাৰিলে । বন্ধৰ দিনবোৰ উপভোগ কৰাৰ পৰিৱৰ্তে ছাত্ৰীগৰাকীয়ে মিজোৰামৰ একমাত্ৰ ক’ভিড চিকিৎসালয় ফালকাৱনৰ জোৰাম চিকিৎসা মহাবিদ্যালয়ত স্বেচ্ছাসেৱী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আনহাতে, এষ্টাৰ লালৰাৱংবাৱলী নামৰ আন এগৰাকী নাৰ্চ কৰ্মচাৰীয়েও মামিত জিলাৰ ক’ভিড কেয়াৰ চেণ্টাৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰে । ক’ভিড নমুনা সংগ্ৰহ কৰাৰ লগতে ক’ভিড কেয়াৰ চেণ্টাৰত নাৰ্চসকলৰ যত্ন লয় কৰ্মচাৰীগৰাকীয়ে ৷

লগতে পঢ়ক :ক’ভিড ব্য়ৱস্থাপনা সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়াৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details