অসম

assam

By

Published : Apr 24, 2021, 8:16 PM IST

ETV Bharat / bharat

ৰেমডেচিভিৰৰ ক’লা বজাৰ চলাই প্ৰেমিকৰ সৈতে আটক নাৰ্ছ

মধ্যপ্ৰদেশৰ ভূপালত পোহৰলৈ আহিছে জীৱনদায়িনী ৰেমডেচিভিৰ বেজীৰ ক’লা ব্যৱসায়ৰ এক ভয়ংকৰ তথ্য ৷ ভূপালৰ এখন ক’ভিড হাস্পতালত কাম কৰা এগৰাকী নাৰ্ছে একেখন চিকিৎসালয়ত কাম কৰা নিজৰ প্ৰেমিক ঝাল খানৰ সৈতে মিলি ৰেমডেচিভিৰ বেজীৰ ক’লা ব্যৱসায় চলাই আহিছিল ৷ আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটো ধৰা পেলায় ৷

Nurse and her lover held for black marketing Remdesivir
ৰেমডেচিভিৰৰ ক’লা বজাৰ চলাই প্ৰেমিকৰ সৈতে আটক নাৰ্চ

নিউজ ডেস্ক, 24 এপ্ৰিল : দেশজুৰি কৰ’ণা মহামাৰীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ কৰ’ণাত আক্ৰান্ত হৈ দৈনিক নিহত হৈছে বহু লোক ৷ তাৰ সমান্তৰালকৈ কৰ’ণাৰ সৈতে যুঁজিবলৈ চেষ্টাও অব্যাহত আছে ৷ কিন্তু এই সংকটৰ কালতো কৰ’ণাক্ৰান্তৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনা জীৱনদায়িনী ৰেমডেচিভিৰ বেজীৰ ক’লা বজাৰ চলাই গৈছে একাংশই ৷

মধ্যপ্ৰদেশৰ ভূপালত পোহৰলৈ আহিছে জীৱনদায়িনী ৰেমডেচিভিৰ বেজীৰ ক’লা ব্যৱসায়ৰ এক ভয়ংকৰ তথ্য ৷ ভূপালৰ এখন ক’ভিড হাস্পতালত কাম কৰা এগৰাকী নাৰ্ছে একেখন চিকিৎসালয়ত কাম কৰা নিজৰ প্ৰেমিক ঝাল খানৰ সৈতে মিলি ৰেমডেচিভিৰ বেজীৰ ক’লা ব্যৱসায় চলাই আহিছিল ৷ ইয়াৰ পাচতে আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটো ধৰা পেলায় ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ঝাল খান আৰু প্ৰেমিকাক আটক কৰিছে ৷ আৰক্ষীৰ জেৰাত অভিযুক্তই নিজৰ দোষ স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে ৷

জানিব পৰা অনুসৰি নাৰ্ছ হিচাপে কাম কৰা শালিনী বাৰ্মাই ৰেমডেচিভিৰ পৰিৱৰ্তে ৰোগীক স্বাভাৱিক বেজী প্ৰদান কৰিছিল আৰু ভাইৰেল-প্ৰতিৰোধী ঔষধটো ঝালখানলৈ প্ৰেৰণ কৰিছিল ৷ অভিযুক্ত যুৱকজনে এই জীৱনদায়িনী ৰেমডেচিভিৰ বেজী ক’লা বজাৰত বিক্ৰী কৰিছিল ৷

লগতে পঢ়ক : জীৱনদায়িনী "ৰেমডেচিভিৰ" ৰ দাম কমিল

ABOUT THE AUTHOR

...view details