তেজপুৰ, 19 অক্টোবৰ :ইষ্টাৰ্ণ আৰ্মীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই জানিবলৈ দিছে যে যোৱা কেইমাহমানত তিব্বত স্বায়ত্তশাসিত অঞ্চলত চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) অনুশীলন বৃদ্ধি পাইছে ৷ অৰুণাচল প্ৰদেশৰ এক ফৰৱাৰ্ড লোকেচনত এলএচিৰ পূব খণ্ডৰ ওপৰেৰে চীনা কাৰ্যকলাপ সম্পৰ্কে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি লেফটেনেণ্ট জেনেৰেল পাণ্ডেই কয়, "এলএচিৰ আনটো ফালে এনেধৰণৰ তিনি চাৰিটা কাৰ্যকলাপৰ খবৰ পোৱা গৈছে ।"
তেওঁ কয় যে প্ৰথমতে পিএলএ-ৰ দ্বাৰা সম্পন্ন কৰা বাৰ্ষিক প্ৰশিক্ষণৰ অনুশীলন বৃদ্ধি পাইছে । তেওঁ কয়, যে, এনে কাৰ্যকলাপ কিছু বৃদ্ধি হৈছে; কিন্তু এল.এ.চি.ৰ পৰা যথেষ্ট ভিতৰতহে এনে কাৰ্য অব্যাহত আছে ৷ লেফটেনেণ্ট জেনেৰেল পাণ্ডেই জনাইছে যে দুয়োপক্ষই এলএচিৰ সীমাৰ ওচৰত আন্তঃগাঁথনি বিকশিত কৰাৰ চেষ্টা কৰি আছে আৰু যাৰ ফলতো কেতিয়াবা কিছুমান সমস্যাৰ সৃষ্টি হয় ।
তেওঁ কয়, "যিহেতু এই আন্তঃগাঁথনিসমূহ এল.এ.চি.ৰ ওচৰলৈ আহিছে, সেয়েহে সীমান্ত সুৰক্ষা সৈন্যৰ সংখ্যাও সামান্য বৃদ্ধি পাইছে। " ইষ্টাৰ্ণ চেক্টৰত শেহতীয়াকৈ দুয়োপক্ষৰ সৈন্যৰ এল.এ.চি.ত মুখামুখি হোৱাৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয়: "এই এল.এ.চি.ৰ সৈতে, আমাৰ ওচৰত কেইবাটাও ক্ষেত্ৰ আছে, য'ত দুয়োফালৰ টহলদাৰীসকলে নিৰ্ধাৰিত ধৰণে অথবা কেতিয়াবা আন ধৰণে সুযোগ পালেও বাৰ্তালাপ কৰে ।''