অসম

assam

By

Published : Aug 3, 2021, 2:02 PM IST

ETV Bharat / bharat

#JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত প্ৰতিবাদ

গোৱাৰ সমুদ্ৰ তীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকা সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ তেওঁৰ মন্তব্যক বিকৃত কৰা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷ এই মন্তব্যৰ পিছতে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিছে #JeeneDo কেম্পেইন ৷

#JeeneDo: Campaign intensifies in Goa against CM's statement on minors' gang rape
#JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত চৌদিশে প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 3 আগষ্ট :গোৱাৰ সমুদ্ৰ তীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকা সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ উক্ত ধৰ্ষণকাণ্ডৰ উদাহৰণ দি ৰাজ্যিক বিধানসভাত বিৰোধী বিধায়কসকলে গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷ বিৰোধী বিধায়ক সকলৰ উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সাৱন্তে মন্তব্য কৰিছিল যে, এইক্ষেত্ৰত অভিভাৱকসকল দায়িত্বশীল হোৱা প্ৰয়োজন ৷ তেওঁলোকৰ সন্তানে নিশা কিয় সমুদ্ৰ তীৰত ঘূৰি ফুৰে সেইয়া অভিভাৱকসকলে নিজেও নিৰীক্ষণ কৰা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰিছিল ৷

উল্লেখ্য যে, দক্ষিণ গোৱাৰ জনপ্ৰিয় কোলৱা সমুদ্ৰ তীৰত ২৪ জুলাইৰ নিশা দুগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৷ গোৱা বিধানসভাত বিৰোধী বিধায়ক (Opposition MLA)সকলে এই কথা উত্থাপন কৰি গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷ বিৰোধী বিধায়ক (Opposition MLA)সকলৰ অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে বিধানসভাত এই কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এই বিতৰ্ক সন্দৰ্ভত কি কয় ?

গোৱাৰ ৰাজ্যিক বিধানসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত মনোযোগ আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, "দহজনীয়া কিশোৰ-কিশোৰীৰ এটা দল সাগৰৰ পাৰত পাৰ্টী কৰাৰ বাবে গৈছিল ৷ তাৰে দহ জন ঘূৰি আহে যদিও দুজন কিশোৰ আৰু দুগৰাকী কিশোৰীয়ে সাগৰৰ পাৰতে গোটেই নিশাটো কটায় ৷ যেতিয়া 14 বছৰীয়া এগৰাকী কিশোৰী সাগৰৰ পাৰত গোটেই নিশাটো কটাই, তেতিয়া তেওঁলোকৰ অভিভাৱকেও কথাটো নিৰীক্ষণ কৰিব লাগে ৷ "

এইয়া অভিভাৱকৰো দায়িত্ব বুলি মন্তব্য কৰি সাৱন্তে লগতে এইবুলিও কয় যে, ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ কথা নুশুনে বুলিয়েই আমি সকলো দায়িত্ব আৰক্ষীৰ ওপৰত এৰি দিব নোৱাৰো ৷ উল্লেখ্য যে, কিশোৰী দুগৰাকীৰ ধৰ্ষণৰ অভিযোগত গোৱা আৰক্ষীয়ে (Goa Police) আচিফ হাতেলি (২১), ৰাজেশ মানে (৩৩), গজানন্দ চিঞ্চনকাৰ (৩১) আৰু নিতিন য়াব্বাল (১৯) নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু অভিযোগ উত্থাপন কৰে যে, তেওঁৰ মন্তব্যক বিকৃত কৰা হৈছে । তেওঁৰ মতে, কোনো সময়তে তেওঁ আইনৰ দ্বাৰা প্ৰদান কৰা নিৰাপত্তাৰ অধিকাৰ অস্বীকাৰ কৰিবলৈ চেষ্টা কৰা নাই । তেওঁ লগতে কয় যে, গোৱা আৰক্ষীয়ে বিশেষকৈ মহিলা আৰু শিশুৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ক্ষীপ্ৰতাৰে কাম কৰিছে আৰু অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে ।

অপৰাধীসকলে আইনৰ অধীনত কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, নাগৰিকৰ সুৰক্ষা সদায় তেওঁৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ধৰ্ষণৰ ঘটনাকলৈ তেওঁ যথেষ্ট মৰ্মাহত ।

এই সন্দৰ্ভত গোৱাৰ চাকৰিয়াল মহিলাসকলে কি কয় ?

মুখ্যমন্ত্ৰীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাৰ আইন শৃংখলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে চাকৰিয়াল মহিলাসকলে ৷ এই সন্দৰ্ভত গোৱাৰ এগৰাকী স্থানীয় মহিলা প্ৰতিভা ব’ৰকাৰে কয়, সাধাৰণৰ নাগৰিকৰ লগতে ৰাজ্য এখনৰ আইনৰ প্ৰতি অপৰাধীসকলৰো ভয় থকাটো জৰুৰী ৷ গৃহমন্ত্ৰী হিচাপে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিৰীক্ষণ কৰাটো তেওঁৰ নৈতিক দায়িত্ব ৷

আন এগৰাকী মহিলা প্ৰিয়া ৰাথোৰে কয়, গোৱাৰ চাকৰিয়াল মহিলাসকল নিজৰ সুৰক্ষাক লৈ সংকিত হৈ পৰিছে ৷ বৰ্তমান সময়ত মহিলাসকলে কৰ্মৰ বাবে ঘৰৰ পৰা বাহিৰত থাকিবলৈ বাধ্য ৷ মহিলাসকলে স্বাধীনভাৱে যিকোনো কাপোৰ পিন্ধা যিকোনো ঠাইত ফুৰিব পাৰে কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ কাপোৰক লৈ কৰা মন্তব্য যথেষ্ট নিন্দনীয় ৷

গোৱাৰ পৰ্যটকসকলে এই বিষয়ে কি কয়?

গোৱা হ’ল ভাৰতৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী ৷ প্ৰতি বছৰে সমগ্ৰ ভাৰতৰ পৰাই নহয় বিদেশৰ পৰাও লাখ লাখ পৰ্যটক গোৱালৈ আহে ৷ ইয়াৰ ভিতৰত মহিলা পৰ্যটকৰ সংখ্যাও যথেষ্ট বেছি ৷ ৰাজ্যখনত সংঘটিত কিশোৰী দুগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ যথেষ্ট ক্ষোভিত হৈ আছে পৰ্যটকসকল ৷ তেওঁলোকে গোৱালৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক-গোৱাৰ দলবদ্ধ ধৰ্ষণ: নিজৰ মন্তব্যৰ স্পষ্টীকৰণ মুখ্যমন্ত্ৰী সাৱন্তৰ

ABOUT THE AUTHOR

...view details